What To Do If You Feel Alone In Assamese

প্ৰখ্যাত লেখক হেনৰিক ইৱছেনে কৈছিল, পৃথিৱীৰ সেইজন মানুহে বেছি শক্তিশালী, যি তেওঁৰ জীৱনৰ বেছিভাগ সময় অকলে কটাইছে। কিন্তু সামাজিক জীৱ হিচাপে কোনো মানুহেই এই পৃথিৱীত অকলশৰে থাকিবলৈ নিবিচাৰে। বৰ্তমান সময়ত দেখা গৈছে বেছি সংখ্যক মানুহৰ বাবে নিঃসংগতা এটা ৰোগৰ দৰে হৈ পৰিছে। এজন পুৰুষতকৈ এগৰাকী মহিলা বেছিকৈ নিঃসংগতাৰ চিকাৰ হয়। কাৰণ লৰা ছোৱালী, স্বামী স্কুল, অফিচলৈ যোৱাৰ পাছত এগৰাকী মহিলাৰ হাতত অফুৰন্ত সময়। ফলত বেছি সংখ্যক মহিলাই সময়খিনৰ সু ব্যৱহাৰ নজনাৰ ফলত নিঃসংগতাত ভোগে।

কিছু সংখ্যক মাক দেউতাকৰ আগত, লৰা ছোৱালী জীৱিকাৰ তাড়নাত চাকৰিৰ বাবে বা পঢ়া শুনা কৰিবলৈ বাহিৰলৈ যোৱাৰ পাছত নিঃসংগতাত ভূগিবলগীয়া হয়। চাকৰিৰ পৰা অৱসৰো লোৱাৰ পিচতো বহু মহিলাই পুৰুষ সকলতকে মানসিক ভাৱে ভাগি পৰি নিঃসংগতাত ভোগে। কিন্তু আমি যদি নিঃসংগতাৰ সময়খিনিৰ সদ ব্যৱহাৰ কৰোঁ, তেতিয়া হলে নিঃসংগতা আমাৰ বাবে ৰোগ নহৈ মষৌষধহে হব পাৰে। উদাহৰণস্বৰূপে,

প্ৰত্যেক মানুহৰেই এখন নিজস্ব মনৰ আকাশ আছে। সেই নিঃসংগতাৰ সময়খিনিত আপোনাৰ সৃজিনী প্ৰতিভাক বিকশিত কৰি নিজকে সৃষ্টিশীল কৰ্মত নিয়োজিত কৰক।

২/যিকোনো পৰিৱেশত খাপ খাব পৰাকৈ, নিজকে প্ৰস্তুত কৰি তোলক। দেখিব নিঃসংগতা আঁতৰি গৈছে।

৩/নিঃসংগতাৰ সময়খিনিত এখন সুন্দৰ ফুলৰ বাগিচা বা ফলৰ বাগিচা পতাৰ পৰিকল্পনা কৰক।

৪/আপোনাৰ প্ৰতিবেশীৰ সৈতে এটা সু-সম্পৰ্ক গঢ়ি তোলক। কিন্তু এই সম্পর্ক যাতে এটা সীমাৰ ভিতৰত থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিব।

৫/নিঃসংগতাই আমাক আত্মশুদ্ধিৰ বাট মুকলি কৰি দিয়ে। নিঃসংগতাৰ সময়খিনিত নিজকে বিচাৰি চাওক।

৬/আপোনাৰ ভাল লগা চিনেমা চাই বা এটা সুন্দৰ গান শুনি, নিঃসংগতাৰ সময়খিনি আপুনি উপভোগ কৰিব পাৰে।

৭/আপুনি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক। এখন ভাল কিতাপে আপোনাক নিঃসংগতাৰ সময়খিনিত আপোনাক এজন ভাল বন্ধুতকেও বেছি প্ৰাণৱন্ত কৰি তুলিব পাৰে।

৮/আপোনাৰ মনে বিছৰা ব্যক্তিৰ লগত বন্ধুত্ব গঢ়ি তোলক। নিঃসংগতাৰ সময়খিনিত এজন বন্ধুৰ সাহায্যই আপোনাক দিব পাৰে অনাবিল প্ৰশান্তি।

৯) নিজকে সামাজিক প্ৰতিষ্ঠানৰ লগত জড়িত কৰক। মহিলা সকলে একাধিক মহিলা গোট খাই, মহিলা সমিতি, ক্লাৱ সংস্থা, আদি গঠন কৰি নিজকে সাংগাঠনিক কামৰ লগত জড়িত কৰি নিঃসংগতাৰ পৰা মুক্তি পাব পাৰে।

১০/নিজৰ একান্ত ভাল লগা কামটোৰ সৈতে, নীৰৱে অকলশৰে কিছুসময় সান্নিধ্যে লবলৈ চেষ্টা কৰিব। ইয়ে আপোনাক দিব পাৰে অফুৰন্ত সুখৰ সমাহাৰ।

১১/আপোনাৰ মনে বিচৰা, কোনো ব্যক্তি পৰিয়ালক, ঘৰলৈ নিমন্ত্রণ কৰি কিছু সময়ৰ বাবে বিভিন্ন গল্প গুজৱ কৰি এটি মুক্ত পৰিৱেশ সৃষ্টি কৰিব পাৰিলে, মনলৈ বহুখনি সজীৱতা আহিব।

১২/শেষত নিঃসংগতাৰ সময়খিনিত আপুনি ধ্যান বা মেডিটেশ্বন কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰে। মেডিটেশ্বনে আপোনাৰ সু স্বাস্হ্যৰ লগতে মানসিক বিকাশ সাধন আৰু ব্যক্তিত্ব গঠনত প্ৰভাৱশালী ভূমিকা গ্রহণ কৰিব পাৰে।

Add a Comment

Your email address will not be published. Required fields are marked *