Subhadra Haran In Assamese

সুভদ্ৰা হৰণ

এবাৰ অৰ্জুনে এবছৰ ধৰি তীৰ্থযাত্ৰা কৰিব লগা হৈছিল। পঞ্চপাণ্ডৱে যেতিয়া দ্ৰৌপদীক বিয়া কৰাইছিল, তেতিয়া নাৰদে বিধি চাই এক নিয়ম বান্ধি দিছিল যে, দ্ৰৌপদীয়ে প্ৰতিজন পাণ্ডৱৰ লগত এমাহ, এমাহ কে থাকিব লাগে আৰু কোনো এজন পাণ্ডৱৰ লগত থকা অৱস্থাত যদি আন এজনে যদি দ্ৰৌপদীৰ কাষ চাপে, তেনেহলে তেওঁ এবছৰ বনবাস খাটিব লাগিব।

এবাৰ যুধিষ্ঠিৰে লগত দ্ৰৌপদী বাস কৰাৰ সময়ত পাণ্ডৱসকলৰ আশ্ৰয়দাতা ব্ৰাহ্মণৰ গৰু চুৰে নিব ধৰোতে, অৰ্জুনে চুৰ খেদিবৰ বাবে ধনু কাড় বিচাৰি যুধিষ্ঠিৰৰ কক্ষত প্ৰৱেশ কৰিছিল। তেতিয়া দ্ৰৌপদীয়ে যুধিষ্ঠিৰৰ লগত ক্ৰীড়া কৰি থকা অৰ্জুনে দেখিলে। অৰ্জুনে চকু মুদি ধনু বাণ লৈ আহি ধনুৰ টংকাৰ কৰি চুৰবোৰক খেদি পথিয়ালত ব্ৰাহ্মণে গৰুবোৰ ঘূৰাই পালে। কিন্তু অৰ্জুনে নাৰদৰ কথা মানি ঘৰলৈ ঘূৰি নাহি এবছৰৰ বাবে তীৰ্থযাত্ৰা কৰিবলৈ গুচি গল।

এই তীৰ্থযাত্ৰা কৰি প্ৰভাস তীৰ্থত যেতিয়া উপস্থিত হল, তেতিয়া নাৰদে অৰ্জুনক খবৰ দিলে যে, বৱোৰামে ভনীয়েক সুভদ্রাক দুৰ্যোধনলৈ বিয়া দিবলৈ ওলাইছে। কিন্তু বসুদেৱ, দৈৱকী আৰু কৃষ্ণই সুভদ্রাক অৰ্জুনৰ সৈতে বিয়া দিবলৈ বিচাৰে। আৰু সুভদ্রায়ো অৰ্জুনকে বিয়া কৰোৱাব বিচাৰে। এই কথা শুনি অৰ্জুনে শীঘ্রবেগে গৈ দ্বাৰকা পালেগৈ আৰু বাৰিষাৰ চাৰিমাহ কটোৱাৰ চলেৰে দ্বাৰকাতে নিবাস কৰিবলৈ ধৰিলে। দ্বাৰকাত থকা কালত দণ্ড, কমণ্ডলু, পীতবস্ত্ৰ, আদি পৰিধান কৰা তীৰ্থযাত্ৰী সৈন্নাসীৰ দৰে অৱস্থান কৰি সকলো পূৰৱবাসীৰ পৰা আদৰ অভ্যৰ্থনা পায় থাকিল।

কৃষ্ণ সখি বুলি যদুগণে তেওঁক প্ৰেমসহকাৰে ভোজন কৰোৱাব উপৰিও কৃষ্ণই নিমন্ত্রণ কৰি ঘৰলৈ নি বহুতো আদৰ আপ্যায়ন কৰিলে।


এইদৰে দ্বাৰকাত সৈন্নাসীৰ বেশত থাকি অৰ্জুনে সুভদ্রা হৰণৰ বাবে সুযোগৰ অপেক্ষা কৰি থাকিল। বলোৰামে অৰ্জুনৰ এই পৰিকল্পনাৰ কথা নেজানিছিল যদিও বসুদেৱ, দৈৱকী আৰু কৃষ্ণই জানিছিল।

এদিনাখন বলোৰামে অৰ্জুনক নিজৰ গৃহলৈ নিমন্ত্রণ কৰি আনি ভোজন কৰালে। সেই ভোজনৰ কালতে অৰ্জুনে সুভদ্রাক দেখা পালে। আৰু সুভদ্রাৰ অনুপম সৌন্দর্য্যক দেখি ভোল গল। সুভদ্রায়ো অৰ্জুনৰ কামিনীমোহন ৰূপ দেখি আৰু লগতে অৰ্জুনৰ গুণৰ কথা সুমৰি অৰ্জুনক পতি ৰূপে পাবলৈ ব্যাকুল হল।

চাওঁতে চাওঁতে অৰ্জুনৰ বিচাৰ সুযোগ আহি উপস্থিত হল। দ্বাৰকাৰ পূৰ্ৱপাশত এক মন্দিৰত শিৱ আৰু দূৰ্গাৰ প্ৰতিমা থকা এক মন্দিৰ আছিল। প্ৰবাদমতে এই মন্দিৰত শিৱ আৰু দূৰ্গাৰ পূজা কৰিলে মনোৰথ পূৰ্ণ হয়। প্ৰতি মাহে এই মন্দিৰত শিৱ আৰু দূৰ্গা পূজাৰ উৎসৱ হয়।

এবাৰ এই উৎসৱকালত ৰথত উঠি সুভদ্রাই মন্দিৰলৈ যাওঁতে, অৰ্জুনে এক দিব্য বিমানত উঠি আহি সুভদ্রাক হৰণ কৰি লৈ গল। যদুবীৰগণে অৰ্জুনক বাট ভেটি ধৰিবলৈ খুজিছিল যদিও অৰ্জুনে ধনুকাড়ে সকলোকে খেদি পথিয়ালে আৰু ক্ৰোধান্বিত আত্মীয়সকলে চাই থাকোতেই সিংহই ছাগলীৰ পাছফালৰপৰ ছাগলী এটা ধৰি নিয়াৰ দৰে সুভদ্রাক হৰি লৈ গল।

সুভদ্রা হৰণৰ কথা শুনি বলোৰাম ক্ৰোধত গৰজি উঠিল। কিন্তু কৃষ্ণই বলোৰামৰ ভৰিত পৰি আৰু পৰিয়ালৰ আন সদস্যৰ সহায়ত সহযোগত তেওঁক বুজাই বঢ়াই শান্ত কৰিলে। শান্ত হৈয়ে বলোৰামে যৌতুকস্বৰূপে হয়, হস্তী, ৰথ, দাস, দাসী, সহিতে ঘৰ পতাৰ বাবে প্ৰয়োজনীয় সঁজুলি আৰু আচবাব পত্র অৰ্জুন সুভদ্রালৈ দি পথিয়াই দিলে।।

Add a Comment

Your email address will not be published. Required fields are marked *