Story Of King Priyabrata In Assamese

প্ৰিয়ব্ৰত ৰজাৰ কাহিনী

স্বায়াম্ভুৱ মনুৰ জেষ্ঠ পুত্র প্ৰিয়ব্ৰতে কুমাৰ কালতে নাৰদৰ পাদসেৱা কৰাৰ ফলত তত্ব জ্ঞান লাভ কৰি মহাভাগৱত অৰ্থাৎ কৃষ্ণৰ পৰম ভকত হৈছিল। এই উন্নত জ্ঞানৰ প্ৰভাৱত তেওঁ ৰজা হোৱাৰ বাসনা ত্যাগ কৰি সৰু ভায়েক উত্তানপাদক ৰাজ্য ভাৰ গতাই তপস্যা কৰিবলৈ বনলৈ গুচি গল।

উত্তানপাদে বহু বছৰ ৰাজ্যশাসন কৰিছিল।
তেওঁৰ পাছত ধ্ৰুৱ আৰু ধ্ৰুৱৰ বংশধৰ সকলে ৰাজ্যশাসন কৰিছিল। প্ৰাচীনবৰ্হি আৰু প্ৰচেতাসকল ধ্ৰুৱৰ বংশধৰ আছিল। প্ৰচেতাসকলৰ পুত্র দক্ষই এটা সময়ত ৰাজ্য ত্যাগ কৰি বনলৈ গুচি যোৱাত দেশত ৰজা নোহোৱা হল। ৰজা নহলে দেশৰ শাসন নচলিব বুলি ভয় কৰি মনু চিন্তিত হল আৰু পুত্র প্ৰিয়ব্ৰতৰ ওচৰলৈ আহি তেওঁক ৰজা হবলৈ উপদেশ দিলে। প্ৰিয়ব্ৰতে ইতিমধ্যে ধ্যান ধাৰণা কৰি কৃষ্ণত সুদৃঢ় ভকতি লাভ কৰিছিল। যাৰ ফলত তেওঁ সমস্ত জগত বিষ্ণুময় দেখিছিল।

এনে অৱস্থাত থকা বাবে তেওঁ পিতাকৰ আদেশ মানি লবলৈ অমান্তি হল। বিফল মনোৰথ হৈ মনু ঘূৰি আহিল। প্ৰিয়ব্ৰতৰ পিতামহ ব্ৰহ্মাই ধ্যানযোগে এই কথা গম পাই গন্ধমাদন পৰ্ৱত যত প্ৰিয়ব্ৰত ৰজাই ব্ৰহ্মসত্ৰ পাতি কৃষ্ণৰ ধ্যানধাৰণাত ব্যস্ত আছিল, তাত উপস্থিত হল আৰু প্ৰিয়ব্ৰতক ৰাজকাৰ্য্য চলাবলৈ উপদেশ দিলে। ব্ৰহ্মাই প্ৰিয়ব্ৰতক বুজালে যে, ঈশ্বৰৰ আজ্ঞমতে সকলো প্ৰাণী চলে। গতিকে প্ৰিয়ব্ৰতেও ঈশ্বৰৰ আজ্ঞা মানি চলা উচিত। ঈশ্বৰৰ বৰ্তমান আজ্ঞা এই যে, প্ৰিয়ব্ৰত ৰজা হব লাগে।

ব্ৰহ্মাই নাতিয়েকক আৰু বুজালে যে জীৱবোৰ নাকী লগোৱা গৰুৰ দৰে। নাকী লগোৱা বলধে কৃষ্ণকৰ ইচ্ছা মতে চলাৰ দৰে জীৱসমূহো ঈশ্বৰৰ ইচ্ছামতে চলিব লাগে। মানুহে ইচ্ছামতে কৰ্ম বা ভোগ কৰিব নোঁৱাৰে। সুখ দুঃখ মানুহে বাচি লব নোঁৱাৰে।

সুখ আৰু দুখ ঈশ্বৰে এটাৰ পাছত আনটো বা দুয়োটা একেলগে পথিয়াই। মানুহে তাৰ কাৰণে বিচাৰ নকৰি প্ৰশান্তিচিত্তি সেইবোৰ সহ্যহে কৰি যাব লাগে। এই জগতত ঈশ্বৰে মানুহক যি উদ্দেশ্য লৈ সৃষ্টি কৰিছে, সৈই উদ্দেশ্য সফল হোৱা বাবে তেওঁ কাম কৰিব লাগে। ঈশ্বৰে নিদিষ্ট কৰি দিয়া কৰ্ম অস্বীকাৰ কৰাৰ মানুহৰ অধিকাৰ নাই।

সংসাৰত থাকিলে মুক্তি লাভ কৰিব নোঁৱাৰিব বুলি প্ৰিয়ব্ৰতে আশংকা কৰিব বুলি ভাৱি ব্ৰহ্মাই প্ৰিয়ব্ৰতক বুজালে যে, তেনেকুৱা আশংকাৰ কোনো কাৰণ নাই। সংসাৰত থাকিও বিষয়ৰ প্ৰতি অনাসক্ত হৈ থাকিলে আৰু সকলো সুখ দুঃখ প্ৰাৰদ্বমতে হৈছে বুলি সেইবোৰ ভুঞ্জিলে, মানুহ সংসাৰ বন্ধনৰপৰা মুকলি হৈ জীৱন মুক্ত হব পাৰে।

এনেকুৱা মানুহে সংসাৰৰ সুখ দুঃখ সপোনত দেখা সুখ দুঃখৰ মুল্যহীন বুলি বিবেচনা কৰে আৰু ফলৰ আশা নকৰি সকলো কৰ্ম কৰাৰ ফলত নতুন কোনো বাসনাৰ জন্ম নিদিয়ে বাবে তেওঁৰ পুনজন্ম নহয়।

যি মানুহৰ নিজৰ ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্রণ নাই, তেওঁ অৰণ্যত বাট হেৰুৱাৰ দৰে জন্ম মৃত্যুৰ চক্ৰত ঘূৰি ফুৰে। কাম, ক্ৰোধ, লোভ, মোহে, মদ, মাৎসয্য এই ষড়ৰিপুৱে তেওঁক সদায়ে অনুসৰণ কৰি অধঃপতন ঘটাব। আনহাতে যিয়ে নিজৰ ইন্দ্ৰিয় জয় কৰিছে আৰু নিজকে পৰমাত্মাৰ লগত অভিন্ন দেখিছে, তেওঁ এই পৃথিৱীত বাস কৰাৰ বাবে সবাতোকৈ উপযুক্ত। সাংসাৰিক বস্তুৰ প্ৰতি অনাসক্তিৰ গুণত তেওঁ মানুহৰ মাজত বিচৰণ কৰাৰ বাবে আদৰ্শ ব্যক্তি হয়।
যাৰপৰা আন মানুহে শিকিব পাৰে আৰু বিপদগ্রস্ত মানুহে সহায়তা লাভ কৰিব পাৰে।

ইন্দ্ৰিয়ক জয় কৰিব খোজা মানুহে সংসাৰত সাধাৰণ জীৱন যাপন কৰিব লাগে। তেওঁ বিয়া কৰাব লাগে। সন্তান জন্ম দিব লাগে, কিন্তু ষড়ৰিপুক দমন কৰিবলৈ সততে যত্ন কৰিব লাগে। ইন্দ্ৰিয়ক দমন কৰা মানুহে এই জগতত নিৰ্ভীকভাৱে বিচৰন কৰি ফুৰিব পাৰে।

শক্ৰৱে অৱৰুদ্ধ কৰাৰ ৰজাৰ নগৰ এখন দৃষ্টান্ত এই ক্ষেত্রত প্ৰযোজ্য। ৰজাজনে দুৰ্গৰ ভিতৰত আশ্ৰয় লৈ নগৰ ৰক্ষা কৰে। সেইদৰে মানুহে যদি হৰিচৰণত আশ্রয় লয়, তেওঁ সহজে ইন্দ্ৰিয়সমূহক জয় কৰিব পাৰে আৰু ঈশ্বৰে দিয়া সংসাৰৰ বস্তুবোৰ মুক্ত ভাৱে ভোগ কৰিব পাৰে। নিজৰ জীৱনৰ অৱসান হলে এনেকুৱা মানুহ পৰমাত্মাৰ লগত মিলিত হৈ যায়।

এইবোৰ উপদেশ দি ব্ৰহ্মাই প্ৰিয়ব্ৰতক কৃষ্ণৰ আজ্ঞা পালি নৃপতি হবলৈ কলে। ব্ৰহ্মাৰ কথামতে প্ৰিয়ব্ৰতে ৰজা হবলৈ মান্তি হল আৰু তেতিয়া মনু আহি প্ৰিয়ব্ৰতক ৰাজ্যলৈ ঘূৰাই নি ৰজা পাতিলে প্ৰিয়ব্ৰত সপ্তদ্বীপা বসুমতীৰ অধিপতি হল। প্ৰচণ্ড প্ৰতাপেৰে তেওঁ তিনিও জগত শাসন কৰিলে।

তথাপিটো প্ৰিয়ব্ৰত বিষয় সুখত আসক্ত নহৈ ৰাতিদিনে গোবিন্দক চিন্তা কৰি থাকিল। তেওঁ মহন্তক বহু মান কৰিছিল, যিয়ে যি বস্তু খোজে, তাকে সেই দান দিছিল। দুখী, ভিক্ষী, দেশান্তৰী অতিথি আদি সকলোকে পূজা কৰিছিল। হৰিৰ সেৱাত মনোনিবেশ কৰি ৰজাই কৰ্ম বন্ধ ছিঙি মহাসুখী হৈছিল।

এইভাৱে ব্ৰহ্মাণ্ড শাসন কৰাৰ সময়ত মহাৰাজ প্ৰিয়ব্ৰত সূৰ্য্যদেৱৰ কক্ষপথত বিচৰন প্ৰণালীত অসন্তস্ত হৈছিল। সূৰ্য্যই নিজৰ ৰথত উঠি সুমেৰু পৰ্ৱত প্ৰদক্ষিণ কৰাৰ ফলত দিন ৰাতিৰ সৃষ্টি হৈছিল। সূৰ্য্যই সুমেৰুৰ উত্তৰ দিশত চলিলে পৃথিৱীৰ দক্ষিণ ভাগত ৰাতি হৈছিল আৰু দক্ষিণ ভাগত চলিলে পৃথিৱীৰ উত্তৰ ভাগত ৰাতি হৈছিল। ৰজাই পৃথিৱীৰ কোনো দিশতে ৰাতি হোৱাৰ ভাল পোৱা নাছিল।

তেওঁ পৃথিৱীত সদায়ে দিন হোৱাতো বিচাৰি এখন জ্যোতিময় ৰথত উঠি সূৰ্য্যৰ পাছে পাছে ঘূৰিব ধৰিলে। যি ফালে সূৰ্য্যৰ পোহৰ নপৰাৰ বাবে এন্ধাৰ হৈ, সেইফালে ৰজাই নিজৰ জ্যোতিময় ৰথৰ আলোকৰে পোহৰাই দিয়ে। এইদৰে মেৰু পৰ্ৱতৰ চাৰিওফালে ৰাতিৰ এন্ধাৰ গুচি সদায়ে দিনৰ পোহৰ পৰিবলৈ ধৰিলে।

প্ৰিয়ব্ৰত ৰজাই যেতিয়া সূৰ্য্যৰ পাছে পাছে ৰথত উঠি মেৰু প্ৰদক্ষিণ কৰি ঘূৰি ছিল, তেতিয়া ৰথৰ চকা লাগি পৃথিৱীত সাতটা গাত হৈছিল। এই গাত কেইটা সাতসাগৰত পৰিণত হৈছিল আৰু আৰু সেই সাতসাগৰ অন্তবৰ্তী এলেকাবোৰ সাতটা দ্বীপত বিভক্ত হৈছিল। সাগৰবোৰৰ নাম আছিল, লোণ, গুড়, সুৰা, ঘৃত, দধি, দুগ্ধ আৰু জল আৰু দ্বীপবোৰৰ নাম আছিল, জম্বু, প্লক্ষ, শাল্মলী, কুশ, ক্ৰৌঞ্চ, শাক আৰু পুষ্কৰ।

ৰজাৰ দহজন পুত্ৰৰ ভিতৰত তিনিজন সন্ন্যাসী হৈছিল। বাকী সাতজন তেওঁ সাতদ্বীপৰ অধিপতি পাতিছিল। তেওঁৰ উৰ্জস্বতী নামৰ কন্যা এজনীও আছিল। যাক তেওঁ শুক্ৰলৈ বিয়া দিছিল। তেওঁলোকৰ দেৱযানী নামৰ কন্যা এজনী জন্মিছিল। যাক ৰজা যযাতিয়ে বিয়া কৰাইছিল।

ৰজাই একাদশ অৰ্বুদ বছৰ ৰাজত্ব কৰাৰ পাছত, পুত্র সকলক ৰাজ্যভাৰ গতাই, গৃহ, পত্নী আদি সকলোকে ত্যাগ বনলৈ গল আৰু গোবিন্দক ধ্যান কৰি পৰম গতি লাভ কৰিলে।

Add a Comment

Your email address will not be published. Required fields are marked *