September 5, 2021
Bhut Jalakiya Benefits In Assamese
ভোট জলকীয়া বহু ঔষধি গুণেৰে ভৰপূৰ। গৱেষণাৰ পৰা পোৱা তথ্য মতে পকা ভোট জলকীয়াত প্ৰচুৰ পৰিমাণে কেপচাইছিন নামৰ নামৰ ৰাসায়নিক পদাৰ্থ পোৱা যায়। ই বিষ নিৰাময়ত সুফলদায়ক। গাঁঠিৰ বিষ, পানী লগা, জ্বৰ কাঁহ, ডায়েৰিয়া, চকুৰ ৰোগ নিৰাময়ত এই কেইপচাছিনে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে।

১/ভোট জলকীয়াত থকা এছক’ৰবিক এচিডে প্ৰধানকৈ আমাৰ শৰীৰৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
২/ভোট জলকীয়াত হজম শক্তি বঢ়াই। গেছ, পেটৰ ঘা, মুখৰ ঘা, জিভাৰ ঘা শুকুৱাত সহায় কৰে। মুখৰ দুৰ্গন্ধ দূৰ কৰে।
৩/ভোট জলকীয়াত থকা আলফা কেৰাটিন আৰু বিটা কেৰাটিনে শৰীৰত এন্টি অক্সিডেন্ট হিচাপে কাম কৰি কেঞ্চাৰ ৰোগ, হৃদ ৰোগ, ডায়েবেটিচ ৰোগৰ, প্ৰতিষেধক হিচাপে সহায় কৰে।
৪/অপকাৰী কলেষ্টৰল কম কৰে। ওজন কম কৰে। স্নায়ু দুৰ্বলতা, ছালৰ ৰোগ নিৰাময় কৰে।