এজন দৰিদ্ৰ আৰু গৌতম বুদ্ধৰ কথাৰে

এবাৰ গৌতম বুদ্ধ এখন গাওঁত ধৰ্ম সভাত উপস্থিত আছিল। তেতিয়া গাওঁৰ লোকসকলে নিজৰ নানান সমস্যাক লৈ, গৌতম বুদ্ধৰ ওচৰলৈ গৈছিল। আৰু নিজৰ সমাধান লৈ, আনন্দ মনেৰে তাৰপৰা ওভতিছিল। সেই গাওঁতে বাটৰ কাষত এজন দৰিদ্ৰ লোক বহি আছিল। আৰু ধৰ্ম সভালৈ যোৱা সকলোলৈ মন দি চাই ৰৈছিল।

তেতিয়া সেই দৰিদ্ৰ ব্যক্তিজনৰ বৰ আৰ্শ্বয়জনক লাগিছিল, যি লোকে বৰ দুখ মনেৰে ধৰ্ম সভাৰ ভিতৰলৈ যায়। কিন্তু যেতিয়া ঘূৰি আহে, তেতিয়া বহুত সুখী দেখা পোৱা যায়। আৰু তেনে মখ মণ্ডল দেখা পায়, সেই দৰিদ্ৰ লোকজন বেছিকৈ আচৰিত হৈ ৰল।

তেতিয়া সেই দৰিদ্ৰ লোকজনৰ এনে লাগিল, কিয়নো, তেওঁ নিজৰো সমস্যা গৌতম বুদ্ধৰ আগত ৰাখে! মনতে এই কথা বিচাৰ কৰি, সেই দৰিদ্ৰ লোকজন ভগৱান গৌতম বুদ্ধৰ ওচৰ পালে গৈ। সেই ধৰ্ম সভাৰ ভিতৰলৈ গৈ, সেই দৰিদ্ৰ লোকজনে দেখা পালে যে, সকলোৱে শাৰী পাতি, ভগৱান গৌতম বুদ্ধক নিজৰ সমস্যাৰ কথা কৈছে! আৰু হাঁহি মাৰি ভগৱান গৌতম বুদ্ধই সকলোৰে সমস্যা সমাধান কৰি গৈছে। যেতিয়া সেই দৰিদ্ৰ লোকজনৰ সময় আহিল, তেতিয়া সৰ্বপ্ৰথমে তেওঁ মাহাত্মাক প্ৰণাম জনালে। আৰু কলে, ভগৱন্ত, এই গাওঁখনত প্ৰায়ে সকলো লোক সুখী আৰু সমৃদ্ধিশালী। কিন্তু মই কিয় দৰিদ্ৰ! এই কথাত ভগৱান গৌতম বুদ্ধই হাঁহি মাৰি কলে যে, তুমি দৰিদ্ৰ আৰু নিৰ্ধন এইবাবে হয় যে, কিয়নো তুমি আজিলৈকে কাকো একো নিদিলা! তেতিয়া আচৰিত হৈ দৰিদ্ৰ লোকজনে কলে, ভগৱন্ত, মোৰ ওচৰত আনক দিবলৈ কি থাকিব! মোৰ নিজৰে অতিবাহিত বৰ কষ্টৰে হয়।

আনৰপৰা খুজি মাগি মই নিজৰ পেট ভৰাও। ইয়াৰ পাছত ভগৱান গৌতম বুদ্ধ কিছু সময় মৌন হল। তাৰপাছত পুনৰ কলে, তুমি বহুত অজ্ঞানী হয়। আনক বিলায় দিবলৈ ঈশ্বৰে তোমাক, বহুত কিবা কিবি দিছে। হাঁহি দিছে, যাৰ দ্বাৰা তুমি সকলোৰে মাজত আশাৰ সঞ্চাৰ কৰিব পাৰা। মুখৰদ্বাৰা মিঠা শব্দ কব পাৰা। দুয়ো হাতে আনৰ সহায়তা কৰিব পাৰা। ঈশ্বৰে যাক এই তিনিটা বস্তু দিছে, তেওঁ কেতিয়াও দৰিদ্ৰ আৰু নিৰ্ধন হব নোৱাঁৰে। নিৰ্ধনতাৰ বিচাৰ ব্যক্তিৰ অন্তৰত থাকে। আৰু এয়া এক ধৰ্ম হয়। এয়া ওলিয়াই পেলাব লাগে। গৌতম বুদ্ধৰ এই কথা শুনি, সেই দৰিদ্ৰ লোকজনৰ মুখ মণ্ডল জিলিকি উঠিল।

এই কথাৰপৰা সকলোৱে বুজিলে যে, দুখী আৰু দৰিদ্ৰ হোৱাটো এটা ভ্ৰম হয়। বাস্তবিকতা নহয়। আপুনি যেনে ভাৱি থাকে, তেনে হয় যায়। আনৰ সহায়তা কৰিলে সদায়ে সুখত থাকিব পৰা যায়।।