Hair Fall Home Remedies In Assamese
অকালতে চুলি পকা আৰু সৰা সমস্যাৰ ৰোধৰ উপায়!
আমলখি-
৫বা৬টা আমলখি লৈ, একাপ নাৰিকল তেলৰ লগত, আমলখি কেইটা কলা নোহোৱা লৈকে গৰম কৰক আৰু এই তেলেৰে, আপোনাৰ চুলিকুচা দিনত ২বাৰ মান মালিচ কৰক।

নাৰিকল তেল-
আপোনাৰ চুলিত সদায়ে নাৰিকল তেল লগাওক। ই চুলি দীঘল ঘন আৰু অধিক কলা কৰাত সহায় কৰে।
পিয়াঁজৰ ৰস-
চুলিত পিয়াঁজৰ ৰস, লগোৱাটো নিয়মত পৰিণত কৰক। ই অধিক কাললৈ চুলিৰ কলা ৰং বজাই ৰখাত সহায় কৰে আৰু লগতে অকালতে চুলি সৰা বন্ধ কৰে।।
জবা ফুল আৰু পাত-
জবা ফুলৰ ৯,১০টা কোমল পাত, আৰু ৪,৫টা ফুল লৈ, একাপ নাৰিকল তেলত কলা নপৰালৈকে গৰম কৰিব লাগিব। ঠাণ্ডা হোৱাৰ পাছত এইখিনি চেকি লৈ বটল এটাত ভৰাই থৈ, এই তেল দৈনিক এবাৰ কে, মূৰত লগাব। চুলি সৰা আৰু চুলি অকালতে পকা, দুয়োটা সমস্যা সহজতে অন্ত পৰিব। ইয়াৰ উপৰিও জবাৰ কোমল পাত ফুলৰ প্ৰলেপ বনাই চুলিত লগালেও ভাল পোৱা যায়।
তিল তেল-
নিয়মিত তিল তেল, চুলিত লগালে চুলিৰ সৌন্দর্য্য বৃদ্ধি পায়।
চুলিৰ বাবে ভাল কিছুমান খাদ্য আৰু ফল
আমলখি, কমলা, নেমু টেঙা, পালেং শাক, কচু, ঢেকীয়া, চজিনা, কলডিল, কলপচলা, ডালিম, তিয়ঁহ, জামুক, কল, ষ্ট্ৰবেৰী, মধূৰীআম, গাখীৰ, দৈ, কণী, মিঠাআলু, বাদাম, আলমন্দ, কাজু বাদাম।
অপকাৰী খাদ্য-
ফাষ্ট ফুদ, মিঠা বস্তু, মাত্ৰাধিক, কলড্ৰিংকছ, মদ, ধূমপান।
চুলিৰ সৌন্দর্য্য বৃদ্ধিত যোগাসন-
সদায়ে অনুলম বিলম কৰিব।
ব্ৰজাসনত বহি সদায়ে চুলি ফণীৰে ফণীয়াব। এনে কৰিলে চুলিৰ সৌন্দর্য্য বৃদ্ধি পায়।