Google CEO Sundar Pichai Story In Assamese

ভাৰতীয় মূলৰ সুন্দৰ পিচাই বৰ্তমান গুগলৰ CEO. ইয়াৰ আগতে তেখেত গুগলৰ চিনিয়ৰ ভাইচ প্ৰেছিডেন্ট আছিল। সুন্দৰ পিচাইয়ে 1972 চনত চেন্নাইত জন্মগ্ৰহণ কৰে। তেখেতৰ মূল নাম পিচাই সুন্দৰাজন যদিও তেখেত এতিয়া সুন্দৰ পিচাই নামেৰে জনাজাত।


IIT খড়গপুৰৰ পৰা সুন্দৰ পিচাইয়ে নিজৰ বেচিলৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেখেত নিজৰ বেইচৰ চিল্বাৰ মেডেলিষ্ট আছিল। আমেৰিকাৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ পৰা সুন্দৰ পিচাইয়ে MS ডিগ্ৰী সম্পন্ন কৰিছিল আৰু ৱাৰ্টন ইউনিভাৰ্চিটিত MBA কৰিছিল।

পেঞ্চিলবেনিয়া ইউনিভাৰ্চিটিত সুন্দৰ পিচাই চাইবেল স্কলাৰ নামেৰে পৰিচিত আছিল। সুন্দৰ পিচাইয়ে 2004 চনত প্ৰডাক্ট এণ্ড ইনোবেশ্বন অফিচাৰ হিচাপে গুগল জ‌ইন কৰিছিল।

আৰ্থিক অৱস্থা বেয়া থকাৰ কাৰণে সুন্দৰ পিচাই 1995 চনত ষ্টেনফৰ্ডত পেইং গেষ্ট হিচাপে থাকিবলগীয়া হৈছিল। টকা বচাবলৈ তেখেতে অতি সাধাৰণ মানুহ হিচাপে পুৰণি বস্তু ব্যৱহাৰ কৰিছিল যাতে তেখেতৰ শিক্ষাৰ ক্ষেত্ৰত কোনো বাধা নাহে। তেওঁ PHD কৰিব বিচাৰিছিল যদিও আৰ্থিক অৱস্থা বেয়া থকাৰ কাৰণে তেখেতে প্ৰডাক্ট মেনেজাৰ হিচাপে এপ্লাইড মেটেৰিয়েল্ছ ইংকত চাকৰি কৰিবলগীয়া হৈছিল। তাৰপিছত তেখেতে বিখ্যাত কোম্পানী মেক্কিংচত কনচালটেন্ট হিচাপে কাম কৰালৈকে তেখেতৰ কোনো পৰিচয় নাছিল।


2004 চনৰ 1 এপ্ৰিলত তেখেতে গুগল জ‌ইন কৰে। তেখেতৰ প্ৰথম প্ৰজেক্ট আছিল প্ৰডাক্ট মেনেজমেণ্ট আৰু ইনোবেশ্বন শাখাত গুগলৰ চাৰ্চ টুলবাৰ উন্নত কৰি বেলেগ ব্ৰাউজাৰৰ ট্ৰেফিক গুগলত অনা। তেতিয়াই তেখেতে এডভাইছ দিছিল যে গুগলে নিজৰ ব্ৰাউজাৰ লঞ্চ কৰিব লাগে।

আৰু এই আইডিয়াটোৰ কাৰণে সুন্দৰ পিচাইয়ে গুগলৰ সংস্থাপক লেৰি পেজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আৰু এই আইডিয়াটোৰ কাৰণেই লাহে লাহে তেখেত ব্যক্তিগত ভাবে পৰিচিত হবলৈ ধৰিলে। 2008 চনৰ পৰা 2013 চনলৈকে সুন্দৰ পিচাইৰ নেতৃত্বত ক্ৰম অপাৰেটিং চিষ্টেমৰ সফল লঞ্চিং হ’ল। আৰু তাৰপিছত এণ্ড্ৰ‌ইড মাৰ্কেটপ্লেইছৰ জৰিয়তে তেখেত গোটেই বিশ্বত জনাজাত হৈ পৰে।

তাৰপিছত সুন্দৰ পিচাইয়ে গুগল ড্ৰাইভ, জিমেইল এপ, আৰু গুগল ভিডিও কডেক বনায়। সুন্দৰ পিচাইয়ে বনোৱা ক্ৰম অপাৰেটিং চিষ্টেম আৰু এণ্ড্ৰ‌ইড এপে তেখেতক গুগলৰ শীৰ্ষ স্থানলৈ প্ৰমোট কৰিলে। তাৰপিছত তেখেতৰ ওচৰত এণ্ড্ৰ‌ইড ডিভিজন আহিল যাৰ জৰিয়তে তেখেতে গুগলৰ ব্যৱসায়ক বহুত আগুৱাই লৈ যাবলৈ সক্ষম হৈছিল। সুন্দৰ পিচাইৰ বলত গুগলে চেমচাংগক সজাবলৈ সক্ষম হৈছিল।

প্ৰডাক্ট মেনেজাৰ হিচাপে যেতিয়া সুন্দৰ পিচাইয়ে গুগল জ‌ইন কৰিছিল তেতিয়া তেখেতে ইন্টাৰনেট ইউজাৰ্ছৰ বিষয়ে ৰিচাৰ্চ কৰিছিল যে ইউজাৰ্ছে যি ইনষ্টল কৰিব বিচাৰে সেইটো সোনকালে ইনষ্টল হ‌ব লাগে। যদিও এই কামটো ইমান ইন্টাৰেষ্টিং নাছিল তথাপিও তেখেতে নিজৰ পৰিচয় দাঙি ধৰিবলৈ অন্য কোম্পানীৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল যাতে টুলবাৰ ভালকৈ বনোৱা যায়। তেখেতৰ কামত মুগ্ধ হৈ তেতিয়া তেখেতক প্ৰডাক্ট মেনেজমেণ্টৰ ডাইৰেক্টৰ বনাই দিয়া হৈছিল। 2011 চনত যেতিয়া লেৰি পেজ গুগলৰ CEO হৈছিল লগে লগেই সুন্দৰ পিচাইক প্ৰমোট কৰি গুগলৰ চিনিয়ৰ ভাইচ প্ৰেছিডেন্ট বনাই দিছিল।

তাৰপিছত 2015 চনত সুন্দৰ পিচাইৰ গুগলৰ CEO হিচাপে পদোন্নতি হয়।

যদিও সুন্দৰ পিচাইৰ বছেৰেকীয়া চেলাৰী 2 million us dollars কিন্তু ads আৰু বনাছ মিলাই
সুন্দৰ পিচাইৰ বছেৰেকীয়া উপাৰ্জন 1 বিলিয়ন us dollar.

Add a Comment

Your email address will not be published. Required fields are marked *