ৰহস্যময়ী অৰ্কিড

গল্প__
ৰহস্যময়ী অৰ্কিড

                                                                                                                                                                 প্রীতিৰেখা দাস 

শ্ৰুতি আৰু অমনে সমুখৰ অৰন্যখনলৈ চালে ৷ ৰাতিপুৱাৰ কোমল ৰদজাকে জিলমিলাই তুলিছে অৰন্যখন ৷

অমনে সুধিলে শ্ৰুতিক, শ্ৰুতি তুমি সঠিক খবৰ পাইছানে এই অৰন্যখনতে অৰ্কিডৰ গছ আছে ?

হয় অমন এই অৰন্যখনতে আছে মই বিছাৰি থকা অৰ্কিডবিধ ৷ দুয়ো ভিতৰলৈ সোমাই গল৷বৃহৎ বৃহৎ গছৰ ঠাল ঠেঙুলিয়ে অৰণ্যৰ ভিতৰ ভাগ জয়াল কৰি তুলিছে ৷ অমনৰ বুকুখন অলপ কপি উঠিল ৷ সি কেতিয়াও ইমান গভীৰ অৰন্যত সোমাই পোৱা নাই ৷

আজি শ্ৰুতিৰ বাবে সি আহিব লগা হল ৷ শ্ৰুতি তাৰ শৈষৱৰ বান্ধবী৷ একেলগে ডাঙৰ হৈছে দুয়ো ৷ তাইৰ প্রতিটো কামত সি থাকে তাইৰ লগত ৷ শ্রুতিৰ এক অদ্ভুত চখ ৷ বিভিন্ন প্রজাতীৰ অৰ্কিড সংগ্রহ কৰা ৷ ঘৰৰ পিছফালে তাই এখন অৰ্কিডৰ ডাঙৰ বাগিছা পাতি পেলাইছে ৷ দিনটোৰ বেছিভাগ সময় তাই সেই বাগিছাতে কটাই ৷ দেশি-বিদেশী ধুনীয়া ধুনীয়া অৰ্কিডবোৰ দেখিলে তাৰ মনটো ও ভাল লাগি যায় পাগলৰ দৰে অৰ্কিড ভালপোৱা ছোৱালীজনিলৈ তাৰ কেতিয়াবা মৰম লাগি যায় ৷ সি শ্ৰুতিলৈ চালে ৷ বগা টি চাৰ্ট আৰু নেভি ব্লু ৰঙৰ জিন্চটোৰে ধুনীয়া দেখাইছে তাইক ৷

শ্ৰুতি…মাতিলে সি ৷ তাই ঘুৰি তাৰ মুখলৈ চালে ৷ অমনে দেখিলে তাইৰ চকুত এক চমক ৷নতুন অৰ্কিড বিছাৰি পোৱাৰ ৷ ফুল ভালপোৱা কোমল মনৰ ছোৱলীজনিৰ একো কথাতে সি না কৰিব নোৱাৰে ৷

কোৱা অমন …কিবা কবা ?

কষ্ট হৈছে তোমাৰ ?এই দুৰ্গম ঠাইত খোজকাঢ়ি ? না.. নাই হোৱা কিন্তু অমন মোক কোৱামতে আমি এটিয়া মানে বাগিছাখন পাবয়ে লাগিছিল..

তাকেইতো শ্ৰুতি আমি একঘন্টা মানে খোজ

কাঢ়িলো আৰু এটিয়াৰ পৰা অৰন্যও ঘন হৈ আহিছে ৷ পোহৰো সেৰেঙা হৈ পৰিছে ৷ বনৰীয়া জীৱ-জন্তুৰ পৰা নিজক ৰক্ষা কৰিবলৈও আমাৰ হাতত কোনো সা-সৰাঞ্জাম নাই ৷অমনৰ কথাত শ্রুতিয়ে সকৰুণ দৃষ্টিৰে তাৰ চকুলৈ চালে ৷ আৰু কলে আহিছোয়ে যেতিয়া আৰু অলপ দুৰ আগুয়াই যাওচোন বলা ৷

মোৰ বিশ্বাস অৰ্কিডবোৰ ইয়াতেই কৰবাত ফুলি আছে ৷ অমনে একো নকলে ৷নিৰৱে খোজ কাঢ়ি থাকিল দুয়ো ৷কতো কোনো সাৰি শব্দ নাই ৷ মাথো শুকান পাতত পৰা সিহতৰ খোজৰ শব্দৰ বাহিৰে ৷ হঠাতে অমনৰ মনটো এক অজান আকংশাত কপিঁ উঠিল ৷ এই ঘনঘোৰ অৰন্যৰ মাজত দুয়ো অকলে ৷ শ্রুতি ছোৱালী মানুহ ৷কিবা এটা বিপদ হলে সি তাইক ৰক্ষা কৰিব পাৰিবনে ? হঠাতে হুৰমুৰাই এজাক বৰষুন আহিল ৷ দুয়ো দৌৰি গৈ ডাঙৰ গছ এডালৰ তলত আশ্রয় ললে ৷ তথাপি তিতি দুয়ো জুৰুলি-জুপুৰি হল ৷

সম্পুৰ্ণ আধাঘন্টা বৰষুন পৰি থাকিল ৷ লগতে গাজনী ৷পৰিবেশটো ভয়লগা ধৰনে জয়াল হৈ পৰিছে ৷অমনে শ্রুতিলৈ চালে ৷ অলপ আগতে তাইৰ চকুত থকা চিকমিকনি খিনি আৰু নাই ৷ ভয় আৰু দুৰভাৱনাই গ্রাস কৰি আনিছে তাইৰ চকুৰ পাহি ৷ লাহে লাহে বৰষুনজাক কমিল ৷ কিন্তু বোকাময় হৈ পৰিছে চৌপাশ তাতে তিতা কাপোৰে খোজকঢ়াত অসুবিধাৰ সৃষ্টি কৰিলে ৷ ভোক লাগিছিল দুয়োৰে ৷ খাদ্যটো দু্ৰৰ কথা পানী এটুপিও নাই ৷

ঃ শ্ৰুতি বলা আমি উভতি যাও ৷ এই ঘন অৰন্যত আৰু অৰ্কিড পোৱাৰ আশা নাই ৷ এটিয়া দুপৰিয়া দুটা বাজিছে ৷ অলপ পিছত এন্ধাৰ নামিবলৈ আৰম্ভ কৰিব ইয়াত আমি সুৰক্ষীত নহয় ৷ পোহৰ থাকোতে আমি ইয়াৰ পৰা উলাই যোৱাতো ভাল হব শ্ৰুতি ৷

ঃতুমি ঠিকে কৈছা অমন ৷বলা আমি উভতি যাও ৷ দুয়ো ঘুৰি উভতনি যাত্ৰা আৰম্ভ কৰিলে ৷তেতিয়ালৈ দুয়োৰে শৰিৰ ভোক আৰু ভাগৰত

অবশ হৈ আহিছিল ৷ তথাপি দুয়ো খোজকাঢ়ি আছে ৷ হঠাতে অমনৰ অনুভৱ হল সিহত যিমানে বাহিৰলৈ ওলাব চেষ্টা কৰি আছে সিমানে যেন বেছি ভিতৰলৈহে সোমাই গৈ আছে ৷ এছাটি ভয়ে ছানি ধৰিলে তাক ৷ হে ভগবান এয়া কি হৈ আছে ৷ আমাক ৰক্ষা কৰা প্ৰভু

৷ঃ অমন …তাক মাতিলে শ্ৰুতিয়ে

ঃকোৱা শ্ৰুতি

মই আৰু খোজ কাঢ়িব নোৱাৰো ৷ পিয়াহত অন্ঠ কন্ঠ শুকাই গৈছে৷ মোক কৰবাৰ পৰা অলপ পানী আনি দিয়া অমন ৷ তাই গছ এডালত আউজি বহি পৰিল ৷ তাইৰ অবস্থা দেখি তাৰ বেয়া লাগিল

৷ঃ তুমি ইয়াতে বহি থাকিবা শ্ৰুতি৷ মই ওচৰে পাজৰে কৰবাত পানি পাও নেকি চাও ৷ কিছুদুৰ যোৱাৰ পিছত শিলৰ মাজে মাজে বাগৰি অহা পানিৰ শব্দ শুনিলে সি৷ দৌৰি গল সেইফালে ৷ হয় শিলৰ মাজে মাজে বৈ আহিছে এটা পানীৰ নিজৰা ৷ তাক দেখি পানী খাই থকা হৰিন এজাক দৌৰি পলাল ৷ সি হেঁপাহ পলুৱাই পানী খালে ৷ ওচৰতে থকা গছ এডালৰ পৰা পাত এখিলা আনি শ্ৰুতিৰ বাবে পানী ললে ৷ আহি সি শ্ৰুতি থকা ঠাইখিনি পালে ৷ কিন্তু আচৰিত শ্ৰুতি তাত নাছিল৷ বুকুখন ধহমহাই উঠিল অমনৰ ৷ শ্ৰুতি শ্ৰুতি…মাতিলে সি৷ নাই তাইৰ কোনো সহাৰি নাই ৷ কি হল তাইৰ সতে ? কিয় সি তাইক ইয়াত অকলে এৰি থৈ গৈছিল বাৰু ?

শ্ৰুতি শ্ৰুতি …চিঞৰি চিঞৰি সি শ্রুতিক মাতিলে ৷হঠাতে কৰবাৰ পৰা দৌৰি আহি শ্ৰুতিয়ে তাক সাৱতি ধৰিলে ৷

শ্ৰুতি কত গৈছিলা তুমি ? মই কিমান ভয় খাইছিলো তুমি জানা ? অমন অমন মই ইয়াতে বহি আছিলো ৷ হঠাতে মোৰ কাষেৰে কিহবাৰ ছায়া এটা পাৰ হৈ গৈছিল..ভয়তে দৌৰি গৈ মই সৌ জোপোহানীত লুকাই আছিলো ৷ নাই ভয় খাব নালাগে হৰিনা হব পাৰে ৷ লোৱা এয়া পানীখিনি খাই লোৱা ..তাই কোট -কোটকৈ গোটেই পানীখিনি খাই পেলালে ৷

ধন্যবাদ… এটিয়াহে ভাল লাগিছে৷ বলা অমন এটিয়া সোনকালে আমি ইয়াৰ পৰা যাও বলা ৷ দুয়ো উভতনি যাত্ৰা আৰম্ভ কৰিলে ৷ কিন্তু যাত্ৰাৰ শেষ নহয়হে নহয় ৷ সিহত যেন অৰন্যৰ মেৰপাকত সোমাই পৰিছে ৷ওলাই যোৱাৰ পথতো যেন আৰু বিছাৰি নাপাব ৷

ঃঅমন আমি ইমান দেৰি খোজ কাঢ়িলো এটিয়াও কিয় বাহিৰ ওলাব পৰা নাই ?

ঃতাকেইটো শ্ৰুতি ..আমি বাৰু হেৰাই গলো নেকি? হঠাতে শ্ৰুতিয়ে চিঞৰি দিলে ৷ অমন উচপ খাই উঠিল ৷ সি শ্ৰুতিলৈ চালে ৷ অবাক দৃষ্টিৰে তাই সমুখলৈ চাই আছে ৷ আঃ কি অপূৰ্ব দৃষ্য ৷ সমুখৰ ডাঙৰ ডাঙৰ গছবোৰত হাজাৰ হাজাৰ ৰঙ বিৰঙী অৰ্কিড ফুলি আছে ৷ মন্ত্র-মুগ্ধ মানুহৰ দৰে দুয়ো অৰ্কিডবোৰৰ ফালে আগুৱাই গল ৷ বতাহত হালি জালি জকমকাই ফুলি আছে অৰ্কিডবোৰ৷ যিবোৰ অৰ্কিড সি জীৱনত কাহানীও দেখা পোৱা নাছিল৷ শ্ৰুতি আনন্দত আত্মহাৰা হৈ পৰিল৷ এজনি সৰু ছোৱালীৰ দৰে তাই জপিয়াবলৈ ধৰিলে ৷ এজোপা অৰ্কিডৰ ফালে তাই দৌৰি গল ৷

অমনে চিঞৰি উঠিল ঃ সাবধানে শ্ৰুতি এই অৰ্কিডবোৰৰ গুনাগুনৰ বিষয়ে আমি ভালদৰে নাজানো ৷ গতিকে সাৱধানে ৷

শ্ৰুতিয়ে গুলপীয়া ৰঙৰ অৰ্কিড এজোপা হাতেৰে চুই মৰম কৰি দিলে ৷ তাইৰ অনুভৱ হল ফুলজোপাইয়ো যেন তাইৰ হাতখন মেৰাই ধৰিব খুজিছে ৷ তাই অমনক কলে অমন আমি বেছিদেৰি নকৰো কিছু অৰ্কিড লৈ যাওগৈ বলা ৷ উম সোনকাল কৰা ৷ এন্ধাৰ হবলে আৰু বেছি পৰ নাই ৷ শ্ৰুতিয়ে বেগৰ পৰা এখন সৰু চুৰি উলিয়াই গছত লাগি থকা অৰ্কিড জোপা শিপাৰে সতে উঘালিবলৈ যত্ন কৰিলে ৷ তাই দেখিলে অৰ্কিডজোপাৰ পৰা তেজৰ সোঁত ববলৈ ধৰিছে ৷ তাই চক খাই উঠিল ৷ অমন এইফালে আহা দৃষ্যটো দেখি অমনৰ বুকু কপি উঠিল ৷

তাৰ বুজিবলে বাকি নাথাকিল এই অৰ্কিডবোৰ সাধৰন অৰ্কিড নহয় ৷ ৰহস্যময়ী অৰ্কিড ৷

না শ্ৰুতি আৰু নকৰিবা ৷ গুছি আহা তাৰপৰা ৷ এইবাৰ শ্ৰুতি বেঙুনীয়া ৰঙৰ অৰ্কিড এজোপাৰ কাষলৈ গল ৷ হঠাতে তাইৰ কাণৰ কাষত ফুলজোপাই যেন কলে

আমাক ইয়াৰ পৰা লৈ যোৱাৰ চেষ্টা নকৰিবা ৷ উভতি যোৱা ৷ তাই আচৰিত হৈ ফুলজোপালৈ চালে৷ ফুলে কেনেকৈ কথা কব..নাই নাই এইয়া তাইৰ মনৰ ভ্রম৷ এইবাৰ তাই কমলাৰঙৰ ধুনীয়া অৰ্কিড এজোপাৰ কাষলৈ গৈ উঘালিবলৈ যত্ন কৰিলে অৰ্কিডজোপা ৷ হঠাতে তাই মন কৰিলে ফুলজোপাই তাইৰ হাতখন আতি আতি বান্ধি পেলালে লৰচৰ কৰিব নোৱাৰাকৈ৷ এইবাৰ ফুলজোপা বগাই আহি তাইৰ ডিঙিত মেৰাই ধৰিলে ৷ তাই চিঞৰি দিয়াৰ আগতে চেপি ধৰিলে তাইৰ ডিঙিটো৷ তাই উশাহ লব নোৱাৰা হৈ পৰিল ৷ লাহে লাহে মুদ খাই আহিল দুচকু ৷ অমনে চাই আছিল পিচৰ পৰা তাইক ৷ সি কিবা এটা বুজি পালে..শ্ৰুতি মাতিলে সি৷ নাই তাইৰ কোনো সহাৰি নাই৷

সি দৌৰি তাইৰ কাষলৈ গল ৷ ছটফটাই আছে তাই৷ অকনো পলম নকৰি গাৰ সমষ্ট শক্তি প্রয়োগ কৰি শ্ৰুতিৰ ডিঙিৰ পৰা অৰ্কিডবোৰ এৰুৱাবলৈ চেষ্টা কৰিলে সি৷ নাই তাৰ হাতখনো বান্ধি পেলাব খুজে ফুলবোৰে ৷ কিবা এটা ভাবি সি বিৰবিৰাই উঠিল৷ আমাক ক্ষমা কৰা৷ অজানিতে আমাৰ ডাঙৰ ভুল হৈ গল ৷ আমি আৰু ফুল লৈ নাযাও ৷

আমাক ক্ষমা কৰি দিয়া এবাৰলে৷ মূহুৰ্ততে শ্ৰুতিক ফুলজোপাই বন্ধনমুক্ত কৰি দিলে৷তাই মাতিত বাগৰি পৰিল ৷কিবা এটা বুজি উঠিল শ্রুতিয়ে ৷

আঠুকাঢ়ি তাইও ক্ষমা খুজিলে ফুলবোৰক ৷ অমন আগুৱাই আহিল ৷ দুবাহুত ধৰি উঠাই দিলে তাইক ৷ আৰু কলে শ্ৰুতি এই যে ধুনীয়া ধুনীয়া অৰ্কিডবোৰ দেখিছা এই ফুলৰ এইখনে পৃথিৱী ৷ ইয়াতে ফুলবোৰ সুখি ৷ আমাৰ সুখৰ বাবে ফুলবোৰ লৈ গৈ আমি দুখি কৰিব নালাগে ৷ ফুলবোৰ থাকক ইয়াতে ৷

হেঁপাহেৰে ফুলি থাকক৷বলা এটিয়া আমি আমাৰ পৃথিৱীলৈ উভতি যাও৷ দুচকু ভৰি শেষবাৰৰ বাবে ফুল বোৰ চালে শ্ৰুতিয়ে ৷ তাইৰ প্ৰিয় ফুলবোৰ ৷ তাইৰ হেঁপাহৰ ফুলবোৰ ৷ দুয়ো লাহে লাহে তাৰ পৰা আতৰি আহিল..গছবোৰৰ ফাকেৰে শেষ সুৰুযৰ ৰেঙনী পৰিছিল৷ দুয়ো খৰকৈ খোজ দিলে৷ অলপ দুৰ অহাৰ পিছতে সিহতে বাহিৰলৈ যোৱাৰ পথটো দেখা পালে ৷

দুয়ো বাহিৰলৈ ওলাই আহিল৷ তেতিয়ালৈ সুৰুযটো লুকাই পৰিছিল পশ্ৱিমত৷ এন্ধাৰ হৈ পৰিছিল অৰন্যৰ ভিতৰভাগ ৷ দুয়ো ৰখাই থোৱা গাড়িৰ কাষলৈ আগুৱাই গল ৷ গাড়িখন ষ্ট্ৰাত দিব গৈ অমনে এবাৰ অৰন্যখনৰ ফালে চালে আৰু ভগবানক ভাবি সেৱা এটা কৰিলে ৷

                  ২০২১ আগষ্ট মাহৰ ৰহস্য আলোচনীত প্ৰকাশিত

প্রীতিৰখা দাস

বাংগালোৰ

৮১০৫২৫২৩৫০

Add a Comment

Your email address will not be published. Required fields are marked *