Biggest Mystery of Hanuman in Assamese

বীৰ হনুমানৰ ১০টা ৰহস্য

হিন্দু সকলৰ প্ৰমুখ দেৱতা
বীৰ হনুমানৰ বিষয়ে, বহু ৰহস্য আছে যি, বহুতো লুকাই আছে।
শাস্ত্র অনুসাৰে বীৰ হনুমান এই পৃথিৱীত, এক কল্প লৈকে সশৰীৰে থাকিব।।

১/বীৰ হনুমানৰ জন্ম স্হান
কৰ্ণাটকৰ কপিল জিলাত অৱস্থিত, হম্পীৰ ওচৰতে থকা গাওঁ অনেগুন্দীক ৰামায়ণ কালীণ
কিষ্কিন্ধা বুলি কোৱা হয়।
তুংগভদ্ৰা নদী পাৰ হৈ, অনেগুন্দী যোৱাৰ মাৰ্গত, পম্পা হৰোবৰ পোৱা যায়।
তাতে স্হিত এক পৰ্ৱতত শবৰী গুহা আছে। যাৰ কাষতে শবৰী গুৰু মতংগ ঋষি নামে প্ৰসিদ্ধ, আশ্ৰম আছিল।

হম্বিতম্বি ঋশ্যমুকৰ
ৰাম মন্দিৰৰ কাষত স্হিত পাহাৰক
আজিও মতংগ পৰ্ৱত নামে জনা যায়।

কোৱা হয়, মতংগ ঋষি আশ্ৰমতে
বীৰ হনুমানৰ জন্ম হৈছিল। শ্রী ৰামৰ জন্মৰ পূৰ্ৱে হনুমানৰ জন্ম হৈছিল।
প্ৰভূ শ্ৰী ৰামচন্দ্ৰৰ জন্ম, ৫১১৪শকত, অয্যোধাত হৈছিল।
হনুমানৰ জন্ম কাতি মাহৰ, শুক্ল পূৰ্ণিমাত হৈছিল।

২/কল্পৰ
অন্ত লৈকে, সশৰীৰে থাকিব বীৰ হনুমান

দেৱৰাজ ইন্দ্ৰৰ পৰা
বীৰ হনুমানে ইচ্ছা মৃত্যুৰ বৰদান পাইছিল।
প্ৰভূ শ্ৰী ৰামচন্দ্ৰৰ বৰদানৰ অনুসাৰে, কল্প শেষ হলে হে, তেওঁ নিজৰ স্হান প্ৰাপ্ত হব।
সীতা মাতাৰ বৰদানৰ অনুসাৰে, বীৰ হনুমান চিৰঞ্জীৱী হব। এই বৰদানৰ অনুসাৰে দ্বাপৰ যুগত বীৰ হনুমানে ভীম আৰু অৰ্জুনৰ পৰীক্ষা লৈ। কলিযুগত বীৰ হনুমানে তুলসীদাসক দৰ্শন দিয়ে।

কথা অনুসাৰে
বীৰ হনুমানে তুলসীদাসক কৈছিল,
চিত্ৰকুটৰ ঘাটত, সমাগম হল ভক্তগণৰ
তুলসীদাসে চন্দন পিহি, ৰঘুবীৰৰ নামত তিলক দিয়ে।
শ্ৰী মদভাগৱতৰ অনুসাৰে
বীৰ হনুমানে কলিযুগত গন্ধমাদন পৰ্ৱতত বাস কৰে।

৩/কপি নামৰ বানৰ
বীৰ হনুমানৰ জন্ম, কপি নামক বানৰ জাতিত হৈছিল। ৰামায়ণ আদি গ্ৰন্থত, হনুমান আৰু তেওঁৰ জাতিৰ বান্ধৱ সুগ্ৰীৱ, অংগদ আদিৰ নামৰ লগত
বানৰ কপি, শাখামৃগ, প্লবংগম আদি বিশেষণ প্ৰয়োগ কৰা হয়।
হনুমানৰ নেগুৰ, নাক, মুখ, আৰু শৰীৰৰ গঠনে প্ৰমাণ কৰে যে, তেওঁৰ বানৰ হয়।

ৰামায়ণত বাল্মীকিয়ে
হনুমানক, বিশিষ্ট পণ্ডিত, ৰাজনীতিত ধুৰন্ধৰ আৰু বীৰ শিৰোমণি ৰূপে দেখুৱাইছে। তাতে তেওঁক দীঘল নেগুৰ থকা প্ৰমাণত ব্যক্ত কৰিছে।

অন্তত, প্ৰমাণ হয় যে, বীৰ হনুমান জাতি দ্বাৰা বানৰ হয়।

৪/বীৰ হনুমানৰ পৰিয়াল
বীৰ হনুমানৰ মাতৃ অঞ্জনা, পূৰ্ৱজনমত পুঞ্জিকস্হলা নামৰ অপ্সৰা আছিল।
তেওঁৰ দেউতাকৰ নাম কপিৰাজ কেসৰী আছিল।

ব্ৰহ্মাণ্ডপুৰাণ অনুসাৰে
হনুমান সকলোতকৈ ডাঙৰ ককায়েক আছিল। তেওঁৰ পাছত, মতিমান, শ্ৰুতিমান, কেতুমান, গতিমান, ধৃতিমান আছিল।

কোৱা হয়
যেতিয়া, বহু বছৰলৈ, কেসৰী পৰা অঞ্জনাৰ কোনো সন্তান হোৱা নাছিল, তেতিয়া পৱনদেৱৰ আৰ্শীবাদত তেওঁ পুত্র প্ৰাপ্ত কৰিছিল। সেইবাবে বীৰ হনুমানক পৱন পুত্র বুলিও কোৱা হয়।
কুন্তি পুত্র ভীমও হয়, পৱন পুত্র হয়।
বীৰ হনুমান ৰুদ্ৰঅৱতাৰো হয়।

৫/এই বাধাৰপৰা ৰক্ষা কৰে বীৰ হনুমানে

ৰোগ আৰু দোষ,
ভূত পিশাচ, শণি, ৰাহু কেতু আৰু অন্য গ্ৰহৰ বাধা, কৰ্টৰ সমস্যা, জেলৰ বন্ধন, ঘটনা দূৰ্ঘটনাৰ পৰা,মংগলৰ দোষ, পিতৃ দোষ, দুচিন্তা, মায়াবী জাল, শত্ৰুৰ বাধা, ধাৰ, আদিৰ পৰা বীৰ হনুমানে নিজৰ ভক্তক ৰক্ষা কৰে।

৬/বীৰ হনুমানৰ পৰাক্ৰম

বীৰ হনুমান
সৰ্বশক্তিমান, সৰ্বজ্ঞ আৰু সৰ্বশ্ৰেষ্ঠ হয়।
বাল্য কালতে তেওঁ সূৰ্য্যক গিলি পেলাইছিল।
একে জাপতে তেওঁ সমুদ্র পাৰ হৈছিল। তেওঁ সমুদ্রত ৰাক্ষসী মায়াক বধ কৰিছিল।
লংকাত সুমায়ে তেওঁ, লংকনী আৰু অন্য অসুৰৰ বধ কৰিছিল।

অশোক বাটিকাক ধ্বংস কৰি
অক্ষয় কুমাৰক বধ কৰিছিল। যেতিয়া তেওঁৰ নেগুৰত জুই লগাই দিছিল, তেতিয়া তেওঁ লংকা জ্বলাই শেষ কৰিছিল।
তেওঁ সীতা মাতাক ৰামচন্দ্ৰৰ আঁঙুঠি দিছিল। বিভিষনক ৰামচন্দ্ৰৰ লগত দৰ্শন কৰোৱালে। হিমালয় পৰা এখন পৰ্ৱত ডাঙি আনি লক্ষ্মণৰ প্ৰাণ ৰক্ষা কৰিলে।

তাৰ মাজতে
বীৰ হনুমানে কালনেমি অসুৰৰ বধ কৰিছিল। পাতাল লোকলৈ গৈ ৰাম লক্ষ্মণক মুক্ত কৰি আনিলে। আৰু অহিৰাৱণৰ বধ কৰিলে।
বীৰ হনুমানে সত্যভামা, গৰুড়, সুদৰ্শন চক্র, ভীম আৰু অৰ্জুনৰ অংহকাৰ ভাঙিছিল।
বীৰ হনুমানৰ এনে বহু পৰাক্ৰম আছে।

৭/বীৰ হনুমানৰ ওপৰত লিখা গ্ৰন্থ

তুলসীদাসে হনুমান চালিচা, বজৰংগ বাণ, হনুমান বহুক, হনুমান সাথিকা, সংকটমুচন হনুমানষ্টক আদি অনেক গ্ৰন্থ লিখিলে।
তুলসীদাসৰ আগতেও বহু সন্ত সাধুগণে, হনুমানৰ শ্ৰদ্ধাত স্তুতি লিখি ওলিয়ালে।

ইন্দ্ৰাদি দেৱতাৰ পাছত
হনুমানৰ ওপৰত বিভিষণে, হনুমান বডবানল গ্ৰন্থ ৰচনা কৰিলে। সমস্ত ৰামদাসৰ দ্বাৰা মাৰুতি স্ততি ৰচনা কৰা হল।
আনন্দ ৰামায়ণত বীৰ হনুমানৰ স্তুতি তথা তেওঁৰ দ্বাদশ নাম পোৱা যায়।
তাৰোপৰি কালান্তৰত তেওঁৰ ওপৰত, বহু বন্দনা, স্তুতি, প্ৰাৰ্থনা, মন্ত্ৰ, ভজন, লিখা গৈছে।
গুৰু গৰখনাথে তেওঁৰ ওপৰত সাৱৰ মন্ত্র ৰচনা কৰিছে।

৮/মাতা জগদম্বাৰ সেৱক বীৰ হনুমান

ৰামভক্ত বীৰ হনুমান মাতা জগদম্বাৰ সেৱকো হয়। বীৰ হনুমান মাতাৰ আগে আগে যায় আৰু ভৈৰৱ পাছে পাছে। মাতাৰ ভাৰতবৰ্ষত যিমান মন্দিৰ আছে, তাত তেওঁৰ মন্দিৰৰ ওচৰে পাজৰে বীৰ হনুমানৰ আৰু ভৈৰৱৰ মন্দিৰ আছে।
বীৰ হনুমান থিয়া হৈ থকা মুদ্ৰাত আৰু ভৈৰৱ মুণ্ড অৱস্হাত প্ৰতিমা থাকে।কিছু লোকে
তেওঁৰ কথা মাতা বৈষ্ণৱদেৱী লগত জোৰাই।

৯/সৰ্ৱশক্তিমান বীৰ হনুমান

বীৰ হনুমানৰ ওচৰত বহু বৰদানী শক্তি আছে, কিন্তু তেওঁ সেই শক্তি নোহোৱাকৈ সৰ্ৱশক্তিমান আছিল। ব্ৰহ্মাই তেওঁক তিনিটা বৰদান দিছিল। যত তেওঁ ব্ৰহ্মাঅস্ত্ৰও বীৰ হনুমানৰ আগত বিফল হৈছিল। যি অশোকবাটিকাত কামত আহিল।

সকলো দেৱতাৰ ওচৰত নিজৰ নিজৰ শক্তি আছে। যেনে বিষ্ণুৰ ওচৰত লক্ষ্মী, মহেশ্বৰ ওচৰত পাৰ্ৱতী, আৰু ব্ৰহ্মাৰ ওচৰত সৰস্বতী।
বীৰ হনুমানৰ ওচৰত নিজৰ শক্তি আছিল।
এই ব্ৰহ্মাণ্ডত যদি ঈশ্বৰৰ পাছত যি শক্তি আছে, সেয়া হৈছে বীৰ হনুমান।
মহাবীৰ বিক্ৰম বজৰংগবলীৰ ওচৰত, যিকোনো মায়াবী শক্তি বিফল হৈ পৰে।

১০/এওঁলোকে দেখা পাইছে বীৰ হনুমানক

১৩শতাব্দীত মাধ্যচাৰ্য্য।
১৬শ শতাব্দীত, তুলসীদাসে।
১৭শতাব্দীত ৰামদাস, ৰাঘবেন্দ্ৰ স্বামী আৰু
২০ শতিকাত স্বামী ৰামদাসে, বীৰ হনুমানক দেখি পোৱাৰ কথা কয়।

বীৰ হনুমান ত্ৰেতাত শ্ৰী ৰাম।
দ্বাপৰত শ্ৰী কৃষ্ণ, আৰু অৰ্জুন আৰু কলিকালত ৰামভক্তসকলৰ সহায়তা কৰে।।

Add a Comment

Your email address will not be published. Required fields are marked *