গৰ্ভাৱস্হাৰ সৈতে জড়িত অন্ধ বিশ্বাস

বিবাহৰ পাছত নাৰীৰ প্ৰথম তথা গুৰুত্বপূৰ্ণ এক সপোন হল মাতৃ হোৱা। অৰ্থাৎ স্বামীৰ লগত পৰিয়ালক এটি সন্তান উপহাৰ দিয়া। যেতিয়া নাৰী এগৰাকী মাতৃ হোৱাৰ পথত আগবাঢ়ে, তেতিয়া স্বাভাৱিকতে পৰিয়ালৰ বয়োজ্যেষ্ঠজনে তথা ঘৰৰ প্ৰতি সদ্যসই এটি কণমানিৰ সপোন দেখা আৰম্ভ কৰে।

ইয়াৰ ফলত শুভাকাংক্ষী আটায়ে গৰ্ভৱতী নাৰীগৰাকীক নানান সৎ উপদেশ, বিধি বিধানেৰে এই সময়ছোৱাত চলা ফুৰা কৰিবলৈ, মৰমৰ শাসনেৰে সকীয়াই যায়।

এনে ধৰণৰ বিধি বিধান বা, নিষেধাজ্ঞাবোৰৰ কিছুমান এক অন্ধ বিশ্বাসহে। আমাৰ সমাজত প্ৰচলিত এনে বহুত অন্ধ বিশ্বাস আগবঢ়োৱা হল,

১/গৰ্ভৱতী মহিলাই
নখ চুলি কাটিব নালাগে।
এনে কৰিলে সন্তানৰ নখ চুলি নোলায়।

২/গৰ্ভৱতী মহিলাই
বহি বহি, নিয়মিত ঠাই মুচিলে, সন্তান
প্ৰসৱৰ সময়ত কষ্ট নেপায়।

৩/৮মাহ আৰু ৯মাহত
গৰ্ভৱতী মহিলাই নদী পাৰ হব নালাগে।

৪/গৰ্ভ অৱস্থাত দুৱাৰডলিত বহিব নালাগে।
ইয়াৰ পৰা সন্তানৰ বুদ্ধি প্ৰস্ত হয়।

৫/গৰ্ভঅৱস্হাত স্বামীতকে আগতে
স্ত্রীয়ে ভাত খাব নালাগে। এনে কৰিলে সন্তান ৰাক্ষস হয়।।

৬/গৰ্ভৱতী মহিলাৰ এনে অৱস্থাত
যদি বেছি আলস্য লাগে, আৰু চেহেৰা ম্লান পৰি যায়, তেনে বুজা যায় যে, সন্তান লৰা হব। আৰু মাকৰ সৌন্দর্য্য যদি আগতকৈ সুন্দৰ হয়, তেনেহলে বুজা যায় যে, সন্তান ছোৱালী হব।

৭) গৰ্ভৱতী মহিলাই পেটিকোটৰ ৰছি বা বেল্ট বেছি টানকৈ মাৰিলে, সন্তানৰ নাক চেপেটা হয়।

৮/গৰ্ভৱতী অৱস্থাত মহিলাই
ফেঁচাৰ মাত শুনিলে, সন্তান ভয়াতুৰ হয়।

৯/গৰ্ভৱতী মহিলাই কলা বস্তু খাব নালাগে।
সন্তান কলা হব।

১০/সূৰ্য্যগ্ৰহণ বা চন্দ্রগ্রহণের সময়ত
গৰ্ভৱতী মহিলাই চুৰি কটাৰিৰে কাম কৰিব নালাগে। কৰিলে সন্তানৰ গাত কটাৰ দৰে দাগ হব বা অংগক্ষত হৈ জন্ম হব পাৰে।

১১/বহুতে, বিশ্বাস কৰে যে,
গ্রহণ লগাৰ সময়ত মাটিত ভৰি থব আৰু আহাৰ গ্রহণ কৰিব নালাগে।

১২/গৰ্ভৱতী মহিলাকে আন্ধাৰৰ পৰা আঁতৰি থাকিবলৈ কোৱা হয়। নহলে বেয়া শক্তিয়ে লগ লব পাৰে।

১৩/গৰ্ভা অৱস্থাত নাৰিকল খালে
লৰা হব বুলি কোৱা হয়।

১৪/অমাৱস্যা ৰাতি গৰ্ভৱতী মহিলাকা বাহিৰলৈ ওলাব দিয়া নহয়।ইয়াৰ পৰা বেয়া শক্তিৰ প্ৰভাৱ পৰিব বুলি কোৱা হয়।

১৫/গৰ্ভৱতী মহিলাই
ৰাতি বাহিৰলৈ ওলোৱা সময়ত, লগত নিম আৰু ছুৰি কটাৰি ৰাখিবলৈ কয়। ইয়াৰ ফলত বেয়া ছায়াই আসৈ নাপায়।

১৬/গৰ্ভা অৱস্থাত মৰা মানুহৰ ঘৰলৈ যোৱা নিষেধ। গলে মৃত সন্তান জন্ম হব পাৰে।

১৭/গৰ্ভা অৱস্থাত নাৰিকল খালে সন্তান বগা হয়।

১৮/গৰ্ভা অৱস্থাত, আন মহিলাই বিকৃত সন্তান জন্ম দিলে, সেই বিষয়ে শুনিব নালাগে।
শুনিলে, নিজৰ গাত থকা সন্তানতিও বিকৃত হৈ উপজিব পাৰে।

১৯/গৰ্ভা অৱস্থাত মহিলাই
কোনো কীট পতংগ, আদি প্ৰাণী মৰা নিষেধ।

২০/আঠ মাহৰ পৰা গৰ্ভৱতী মহিলাই
গোঁসাই ঘৰত সোমাই চাকি জ্বলোৱা অনুচিত।
এনে কৰিলে সন্তান পাপী হয়।

Add a Comment

Your email address will not be published. Required fields are marked *