ঋষভৰ কাহিনী
ঋষভৰ জন্ম কথা

প্ৰিয়ব্ৰতৰ জেষ্ঠ্য পুত্র আছিল অগ্নিত্ৰ। অগ্নিত্ৰৰ পুত্র আছিল নাভি। নাভিয়ে ৰূপে গুণে, অনিন্দিতা মেৰুদেৱীক বিয়া কৰাইছিলো। কিন্তু তেওঁলোকৰ কোনো সতি সন্ততি নোহোৱাত ৰজা চিন্তাত আকুল হৈ এক যজ্ঞ পাতি পুত্র কামনাৰে কৃষ্ণক ভজন কৰিছিল। ৰজাৰ ভকতিত সন্তষ্ট হৈ নাৰায়ণ তেওঁৰ সন্মুখত আৰ্ৱিভাৱ হল। ঋষিসকলে আৰু যজমানে নাৰায়ণক মধুৰ বচনেৰে অনেক স্তুতি নতি কৰি অৱশেষত তেওঁৰ সমান পুত্র এটা ৰজাৰ জন্মিব লাগে বুলি বৰ মাগিলে। নাৰয়ণে তেওঁলোকৰ স্তুতিত সন্তস্ত হৈ কলে যে তেওঁৰ সমান পুত্ৰ এই ত্ৰিভূবনত নাই। গতিকে তেওঁ নিজে কলা অৱতাৰ স্বৰূপে নাভিত জন্মিব বুলি আশ্বাস দিলে।

কালক্ৰমত নাভিৰ গৃহত নাৰায়ণে
কলা অৱতাৰ স্বৰূপে জন্ম ললে। তেওঁৰ নাম থলে ঋষভ। ঋষভে নিজৰ আচৰণৰ দ্বাৰা প্ৰজা, ৰাজকৰ্মচাৰী আৰু মন্ত্রী সকলৰ অতিশয় প্ৰিয়পাত্ৰ হৈছিল। এই জনপ্ৰিয়তা দেখি ৰাজ্য পালনৰ কাৰণে সমস্ত পৃথিৱীৰ সম্ৰাট ৰূপে তেওঁক বৈদিক ধৰ্মানুসাৰে পুত্ৰক অভিষিক্ত কৰিলে। পুত্রৰ হাতত ৰাজ্যভাৰ গতাই মহাৰাজ নাভিয়ে পত্নী মেৰুদেবীসহ বদৰিকাআশ্ৰমলৈ গল আৰু শ্রী কৃষ্ণৰ অংশ নাৰায়ণক আৰাধনা কৰি যথাসময়ত বৈকুণ্ঠ ধাম পালে।

ঋষভে কালক্ৰমত ইন্দ্ৰৰ দুহিতা
জয়ন্তীক বিয়া কৰাইছিল। তেওঁলোকৰ একশ পুত্র জন্মিছিল। জেষ্ঠ্য পুত্রৰ নাম আছিল ভৰত। ভৰতৰ কনিষ্ঠ ভায়েক নিৰান্নবৈ জন আছিল। তেওঁলোকৰ ভিতৰত কুসাবৰ্ত্ত, ইলাবৰ্ত্ত, ব্ৰহ্মাবৰ্ত্ত, মলয়, কেতু, ভদ্ৰসেন, ইন্দ্ৰস্পৃক, বিদৰ্ভ আৰু কীকট। এই নজন জেষ্ঠ্য। তেওঁলোকৰ পৰিৱৰ্তী ন জন কবি, হবি, অন্তৰীক্ষ, প্ৰবুদ্ধ, পিপ্পলায়ন, আৰ্বিহোত্ৰ, দ্ৰুমিল, চমন আৰু কৰভাজন মহাভাগৱত আছিল। শ্রীমদ্ভাগবতৰ মহান প্ৰচাৰক আৰু ভগৱান শ্রী কৃষ্ণৰ একান্ত ভকত এই ন জন মহাভাগৱত নৱসিদ্ধ নামে জনাজাত হৈছিল। অৱশিষ্ট একাশীজন পুত্র যজ্ঞশীল, কৰ্মনিষ্ঠ, আৰু ধৰ্মপৰায়ণ ব্ৰাহ্মণ হৈছিল।

সম্পূর্ণ ৰূপে গৃহস্থী হৈও মানুহে সন্ন্যাসীৰ দৰে বাস কৰি পৰম সিদ্ধি লাভ কৰিব পাৰে, সেইটো প্ৰদৰ্শন কৰায় ঋষভ অৱতাৰৰ উদ্দেশ্য আছিল। মানুহ এজন ৰজা হব পাৰে, ধন বিলাসিতা আৰু ভোগ্য বস্তুৰে আগুৰা হব পাৰে, সুন্দৰী পত্নী, সতি সন্ততিসহ বাস কৰিব পাৰে, তথাপিটো তেওঁ সন্ন্যাসীৰ জীৱন যাপন কৰিব পাৰে।

শ্ৰেষ্ঠজনে যি আচৰণ কৰে,
সাধাৰণ মানুহে তাকে অনুসৰণ কৰে। গতিকে ৰজাৰ কৰ্ত্তব্য প্ৰজাক আৰ্হি দৰ্শাই সৎ পথত প্ৰতিষ্ঠা কৰা। ঋষভ অৱতাৰৰ এয়াই উদ্দেশ্য। ঋষভে মানুহক শিকাইছিল যে, মানুহে গৃহস্হী জীৱন যাপন কৰিও ধৰ্মনিষ্ঠ জীৱন যাপন আৰু নিস্বাৰ্থ কৰ্ম কৰি, ধৰ্ম, অৰ্থ, সন্মান, সন্তান, সুখ আৰু অৱশেষত মুক্ষও সাধিব পাৰে।।