Assamese Inspirational Story

এখন গাওঁত ৰঞ্জিত নামৰ এজন খৰিকতীয়া আছিল। তেওঁ ভগৱান শিৱৰ পৰম ভক্ত আছিল।
কিন্তু ৰঞ্জিতৰ পত্নীয়ে লিলিয়ে ভগৱানক বিশ্বাস নকৰিছিল। কিন্তু ৰঞ্জিতে দিনে ৰাতিয়ে মহাদেৱক প্ৰাৰ্থনা কৰিছিল যে, তাৰ পত্নীয়ে সৎ বুদ্ধি পায়। আৰু যাৰ বাবে তায়ো পূজা অৰ্চনা কৰে।
ৰঞ্জিতে পুৱা সোনকালে উঠি পূজা পাঠ কৰি খৰি কাটিবলৈ হাবিলৈ যায়। আৰু তাৰপাছত সেই খৰিকে বজাৰত বিক্রি কৰিছিল। আৰু যি খৰি থাকি যায়, সেয়া সি ঘৰলৈ ঘূৰাই লৈ আহিছিল। তেতিয়া ৰঞ্জিতৰ পত্নীয়ে খৰি মুঠাৰপৰা এডাল খৰি আনি লুকুৱাই ৰাখিছিল।


তাই এনেদৰে কৰিছিল কাৰণ, তাই সেই লুকুৱাই ৰখা খৰি জমা কৰি, বিক্রি কৰি নিজৰ বাবে সাজোন কাচোনৰ বস্তু ক্ৰয় কৰিছিল।
এদিন ৰঞ্জিত হাবিলৈ যোৱাৰ পাছত লিলিয়ে তাইৰ লুকুৱাই ৰখা খৰি মুঠাটো লৈ বজাৰলৈ বুলি আগবাঢ়িল।
বজাৰলৈ যোৱাৰ বাটতে এটা শিৱ মন্দিৰ পায়। সেইদিনা সেই বহু লোক গোট খায় আছিল।
তেতিয়া তাৰে এজনক লিলিয়ে সুধাত গম পালে, আজি সোমবাৰৰ বাবে সকলো ভক্তই ভোলানাথক অভিষেক কৰিবলৈ একগোট হৈছে।
তাকে শুনি লিলি বজাৰলৈ আগবাঢ়িল। তাই মন্দিৰলৈ নগলে আৰু মন্দিৰৰ ফালে চাই ভগৱানক সেৱাও নজনালে।


লিলিয়ে সেই ঠাইৰপৰা আগুৱাই আহিলত এজোপা গছৰ তলত এগৰাকী মহিলাক লিলিয়ে লগ পালে। সেই মহিলা গৰাকীয়ে লিলিক মাত দিলে। আৰু কলে, ভন্টি তুমি মোক কিছু পইচা দিব পাৰিবা! মই বহুত দৰিদ্ৰ হয়। সেই মহিলা গৰাকীৰ কথাত লিলিৰ তাইৰ ওপৰত দয়া উপজিল। আৰু লিলিয়ে পইচা দিবলৈ ললে।তেতিয়া লিলিয়ে সেই মহিলা গৰাকীক সুধিলে, তোমাক এই পইচা কিয় লাগে! কি তুমি ভোকত আছা! তেতিয়া সেই মহিলা গৰাকীয়ে কলে, ভন্টি মই দুদিন ধৰি একো খোৱা নাই। কিন্তু মই এই পইচা নিজৰ বাবে বিচৰা নাই।


মই এই পইচাৰে পূজা সামগ্রী ক্ৰয় কৰি মন্দিৰলৈ গৈ ভগৱান শিৱক পূজা অৰ্চনা কৰিমগৈ!
আৰু ইয়াৰ পূণ্যৰ ফল তুমিও পাবা। তেতিয়া লিলিয়ে কলে, ভগৱান শিৱই তোমাক এই অৱস্থা কৰিলে, আৰু তুমি নিজৰ ভোক আঁতৰুৱা ঠাইত ওলোটাই তেওঁক পূজা কৰিয়ে পইচা খৰচ কৰিব বিচাৰিছা! তেতিয়া সেই মহিলা গৰাকীয়ে লিলিক কলে, ভন্টি এয়া মোৰ কৰ্মৰ ফল। যি মই পাইছো।
মইটো মোৰ আহিবলগীয়া দিন আৰু নিজৰ পূৰ্ণ জনমক সফল কৰিবৰ বাবে ভগৱান শিৱৰ প্ৰাৰ্থনা কৰিব বিচাৰো।


যদি মহাদেৱ প্ৰসন্ন হৈ যায়, তেতিয়া এই জনমৰ কি আহিবলগীয়া ৭টা জনমৰ কষ্ট দূৰ হৈ যাব।
তেতিয়া লিলিয়ে হাঁহি মাৰি কলে, এই সকলোবোৰ মিছা কথা হয়। এই জনমৰ কষ্ট দূৰ কৰিবলৈ হলে, প্ৰথমে আহাৰ গ্ৰহণ কৰা তাৰপিছত কিছু কাম কৰা। পূজা পাঠত একো নাই।
তেতিয়া সেই মহিলা গৰাকীয়ে কলে, ভন্টি মই এসময়ত বহুত ধনী ঘৰৰ ছোৱালী আছিলো আৰু বহু ধনী ঘৰত মোৰ বিবাহ হৈছিল।


যত দিনে ৰাতিয়ে কাম কৰা লোকে মোক সেৱা কৰিছিল। এদিনাখন এগৰাকী কাম কৰা বায়ে সোমবাৰৰ ব্ৰট কৰি মোৰ বাবে প্ৰসাদ লৈ আহিছিল। কিন্তু মই অহংকাৰত তাইৰ প্ৰসাদ পেলাই দিলো। যাৰ দ্বাৰা মহাদেৱ ৰুষ্ট হৈ পৰিল। আৰু ঘৰখনত যিমান ধন আছিল সেয়া চোৰে লৈ গল। আৰু ইয়াৰোপৰি মোৰ স্বামী অসুস্থ হৈ পৰিল। সেইবাবে মই তোমাৰ পৰা পইচা খুজি মহাদেৱৰ পূজা কৰিব বিচাৰিছো।
লিলিৰ এই সকলো কথাবোৰ শুনি তাইৰ দুচকুৱে দুধাৰি বৈ আহিল। তেতিয়া লিলিয়ে সেই মহিলা গৰাকীক কলে, ভন্টি তুমি মোৰ চকু খুলি দিলা। মোৰ স্বামীয়ে মোক সদায়ে পূজা অৰ্চনা কৰিবলৈ কয়। কিন্তু মই তেওঁৰ কথা শুনা নাছিলো। কিন্তু যেতিয়া এদিন ভোলানাথৰ নিৰাদৰ কৰি তোমাৰ এই অৱস্থা হল, তেতিয়া মোৰ কি হব। মোক সদায়ে মোৰ স্বামীয়ে মহাদেৱৰ পূজা অৰ্চনা কৰিবলৈ কয়। তেতিয়া লৰালৰিকৈ লিলিয়ে কান্দি কান্দি ঘৰলৈ আহিল আৰু পূজা সামগ্রী লৈ শিৱ মন্দিৰলৈ গল আৰু মন্দিৰলৈ গৈ মহাদেৱৰ পূজা অৰ্চনা কৰিলে। আৰু সোমবাৰৰ ব্ৰট কৰিলে। আৰু মন্দিৰৰ পৰা আহি তাই সকলো কথা লিলিয়ে তাইৰ স্বামীক কলে।


তেতিয়া ৰঞ্জিতে কলে, হে বাবা, আপুনি মোৰ প্ৰাৰ্থনা শুনিলে। আৰু মোৰ পত্নীক সৎ বুদ্ধি দিলে। এতিয়া আপোনাৰ সেৱা শুশ্রূষা কৰিলে আমাৰ দুয়োৰে জীৱন সফল হব।
লিলিয়ে সেইদিন ধৰি প্ৰতি সোমবাৰে ব্ৰট পালন কৰিবলৈ ধৰিলে।
আৰু দিনে ৰাতিয়ে নিজৰ স্বামী লগত মহাদেৱৰ ভজন কৰিছিল।


ইয়াৰদ্বাৰা প্ৰসন্ন হৈ মহাদেৱে তেওঁলোকৰ সপোনত দেখা দি কলে, তোমালোকৰ ভক্তদ্বাৰা মই বহুত প্ৰসন্ন হৈছো। সেইবাবে আজিৰ পৰা তোমালোকৰ সকলো কষ্ট দূৰ হব। এয়া কয়ে মহাদেৱ অন্তধ্যান হল। পুৱা যেতিয়া দুয়োৰে চকু খুল খালে, তেতিয়া ঘৰখনত অন্ন বস্ত্ৰৰে ভৰপূৰ হৈ পৰিছিল।
তেতিয়া দুয়োয়ে শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ ওচৰত মূৰ দুৱাই সেৱা কৰিলে।
তাৰপাছত সেই ধনেৰে ৰঞ্জিতে এখন দোকান খুলিলে। এনেদৰে মহাদেৱৰ কৃপাত লিলি আৰু ৰঞ্জিতৰ সকলো দুখ কষ্ট দূৰ হল।

Add a Comment

Your email address will not be published.