How Radha Died In Assamese Story

ৰাধাৰ মৃত্যু

তেতিয়া বৃন্দাবনত ভগৱান শ্রী কৃষ্ণ আৰু ৰাধাৰ মাজত এক ভালপোৱাৰ সু সম্পর্ক আছিল। পিছে মামা কংসই শ্রী কৃষ্ণক মথুৰা নগৰীলৈ নিমন্ত্রণ জনালে। বৃন্দাবনত শ্রী কৃষ্ণৰ বন্ধু, গাওঁৰ লোক সকল আৰু পশু পক্ষী সকলোৱে কান্দিবলৈ আৰম্ভ কৰিলে। বৃন্দাবনৰ সকলোৰে পৰা শ্রী কৃষ্ণই বিদায় লৈ, মথুৰা লৈ যাত্রা আৰম্ভ কৰিলে।

তেতিয়া ৰাধাই গম পালে যে, শ্রী কৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ গমন কৰিছে।

ৰাধাই ৰথৰ পাছে পাছে দৌৰি গৈ আছিল। কৃষ্ণক লগ কৰাৰ উদ্দেশ্যে। শ্রী কৃষ্ণই তেতিয়া গম পালে যে, পাছে পাছে ৰাধা আহি আছে। তেতিয়া শ্রী কৃষ্ণই ৰথখন ৰখাই দিলে।

ৰাধা উপস্থিত হৈ শ্রী কৃষ্ণৰ মুখলৈ চাবলৈ ধৰিলে। ৰাধাৰ মুখ মণ্ডল চকুৰ পানীৰে ভিজাই দিলে। তেতিয়া শ্রী কৃষ্ণই ৰাধাক হাঁহি হাঁহি কলে, ৰাধা তুমি দুখ নকৰিবা। মই পুনৰ বৃন্দাবনলৈ ঘূৰি আহিম। আকৌ আগৰ দৰেই মই বাঁহী বজাম আৰু তুমি মোৰ বাঁহীৰ সুৰত নাচিবা।

ৰাধাই শ্রী কৃষ্ণৰ কথা শুনি মনত বহুত সুখ পালে, আৰু শ্রী কৃষ্ণক হাঁহি মুখে বিদায় দিলে।

শ্রী কৃষ্ণ মথুৰা লৈ গুচি গল।

আনফালে বৃন্দাবনত সকলো নিমাত হৈ পৰিল। ৰাধা জনী অকলশৰীয়া হৈ পৰিল। কৃষ্ণ আহিব আহিব বুলি ৰাধাই সদায় যমুনা নদীৰ পাৰত বহি থাকে। যেতিয়া বেলি ডুবাৰ সময় হয়, দুখ মনেৰে ৰাধা উভতি আহে।

শ্রী কৃষ্ণ মথুৰালৈ গল যি গল, বৃন্দাবনলৈ ঘূৰি নাহিল। ৰাধাৰ বিবাহৰ সময় আহি পালে। এদিন ৰাধাই সম্বেদ পালে যে, শ্রী কৃষ্ণই মথুৰা নগৰীৰ পৰা দ্বাৰকা নগৰীলৈ গুচি গল।

দুখ মনেৰে ৰাধাই অন্য পুৰুষৰ লগত বিবাহ পাশত আৱদ্ধ হল।

বছৰ বছৰ পাৰ হৈ গল।
ৰাধা বিবাহিত যদিও, শ্রী কৃষ্ণ’ক পাহৰিব নোঁৱাৰা হল। অতীতৰ কথা চিন্তা কৰি কৰি ৰাধাৰ চেহেৰা অতি বেয়ালৈ গল। অতি সোনকালে ৰাধা বুঢ়ী হোৱাৰ দৰে হল।

সাংসাৰিক জীৱন ত্যাগ কৰি, দ্বাৰকালৈ বুলি ৰাধাই গমন কৰিলে। মাথো শ্রী কৃষ্ণক দৰ্শন পোৱাৰ উদ্দেশ্য। বহু দিনৰ পাছত ৰাধা গৈ দ্বাৰকা নগৰীত উপস্থিত হল। দ্বাৰকা নগৰীৰ লোকে, ৰাধাক চিনি পোৱা নাছিল। দুই এজনে ৰাধাক বেয়া ব্যৱহাৰ কৰিছিল। মাথো শ্রী কৃষ্ণই গম পাইছিল, ৰাধা আহিছে বুলি।

ৰাধাক শ্রী কৃষ্ণৰ ৰাজসভালৈ নিমন্ত্রণ জনালে। ৰাধা ৰাজসভাত উপস্থিত হৈ দেখিলে যে, শ্রী কৃষ্ণই আন কাৰোবাক পত্নী ৰূপে আঁকোৱালি ললে। তেতিয়া ৰাধাৰ বুকুত বেদনাই খুন্দা মাৰি ধৰিলে।

শ্রী কৃষ্ণই সকলো জানিছিল যদিও, তেওঁ অসহায় আছিল। কাৰণ কাষত আছিল পত্নী ৰুক্মিণী।

শেষত শ্রী কৃষ্ণই ৰাধাক দ্বাৰকা নগৰীৰ থকাৰ ব্যৱস্থা কৰি দিয়ে।

ৰাধাই এদিন শ্রী কৃষ্ণৰ হাতত বাঁহীটো দেখিলে। তেতিয়া ৰাধাৰ অতীতলৈ মনত পৰিল। বৃন্দাবনত থাকোতে শ্রী কৃষ্ণই ৰাধাক কৰিছিল। মোৰ সকলোতকে প্ৰিয় তুমি আৰু মোৰ বাঁহীটো।

যেতিয়া লৈকে তুমি মোৰ অন্তৰত থাকিবা,, তেতিয়া লৈকে মই মোৰ সাৰথি হিচাপে বাঁহীটো লৈ থাকিম। ৰাধাই বুজিছিল যে, শ্রী কৃষ্ণই আজিও মোক ভালপাই।

কিন্তু ৰুক্মিণী আৰু শ্রী কৃষ্ণক একেলগে দেখি ৰাধাৰ বহুত দুখ লাগিলে। সেইবাবে এদিন ৰাধাই দ্বাৰকা এৰি যোৱাৰ সিদ্ধান্ত কৰিলে।

ৰাধা দ্বাৰকা পৰা ওলাই গুচি আহিল। ৰাধাই নিজেও নাজানে, কত যাব। ৰাধাই বুজিছিল যে, তাইৰ মৃত্যুৰ সময় আহি পৰিছে।

ৰাধাই জীৱনৰ অন্তিম বেলাত মাথো এবাৰ শ্রী কৃষ্ণৰ বাঁহীৰ মাত শুনিবলৈ মন কৰিলে। শ্রী কৃষ্ণই সকলো গম পায় আছিল। লগে লগে ৰাধাৰ সন্মুখত শ্রী কৃষ্ণ উপস্থিত হল।

ৰাধাই শ্রী কৃষ্ণক প্ৰশ্ন কৰিছিল, কানাই, তুমি মোক ইমানে ভালপোৱাৰ পাছটো, কিয় মোক লগৰী কৰি লব নোঁৱাৰিলা! তেতিয়া শ্রী কৃষ্ণই কৈছিল, ৰাধা, আত্মা আৰু পৰমত্মাৰ মিলন হব পাৰে জানো! ৰাধা, তুমি মোৰ পৰা সৃষ্টি হোৱা স্বয়ং লক্ষ্মীৰ অৱতাৰ।

সকলো বুজিব পাৰি ৰাধাই থুকা থুকি মাতেৰে কলে, কানাই, শেষ বাৰৰ বাবে মই তোমাৰ বাঁহীৰ মাত শুনিবলৈ বিচাৰো। ৰাধাৰ কথা শুনি শ্রী কৃষ্ণই বাঁহী বজাবলৈ ধৰিলে।

বাঁহীৰ মাত শুনি শুনি ৰাধাই প্ৰাণ ত্যাগ কৰে। শ্রী কৃষ্ণই দুখ সহ্য কৰিব নোঁৱাৰি, বাঁহীটোকে ভাঙি পেলাই। আৰু সেইদিনা পৰাই শ্রী কৃষ্ণই বাঁহী বজাবলৈ এৰি দিয়ে।।

Add a Comment

Your email address will not be published. Required fields are marked *