Health Tips In Assamese

সু-স্বাস্হ্যৰ বাবে, কেইটিমান কথা..

১/আপুনি যদি ওজন কমাবলৈ বা খীণাবলৈ চেষ্টা কৰিছে, তেন্তে মাখন যুক্ত মাকৈ আখৈ বা, পপকন খাবলৈ এৰি দিয়ক। সাধাৰণতে দূৰদৰ্শনত কোনো ধাৰাবাহিক বা প্ৰেক্ষাগৃহত কোনো চলচ্চিত্র বা নাটক উপভোগ কৰি থকা সময়ত বহুতে পপকন খায়। এই পপকন বা পটেতো চিপছৰ সৰু টোপোলা এটাতে প্ৰায় ৫২০কেলৰি শক্তি আৰু ২৮গ্ৰাম চৰ্বি থাকে। অৱশ্যে ঘৰত বনোৱা পপকন খাব পাৰে।

২/প্ৰটিজৈৱিক বা এন্টি’বায়টিক আপুনি বাৰু সঠিক ৰূপত খাইছেনে! আপুনি চিকিৎসকৰ পৰা জানি লওক আপোনাক খাবলৈ দিয়া এন্টি’বায়টিক বিধৰ খাদ্যখাদ্যৰ সৈতে ক্ৰিয়া কেনেকুৱা! ঔষধ আৰু খাদ্যৰে কেতিয়াবা সংঘাত ঘটিব পাৰে। এন্টি’বায়টিক খাবলৈ লোৱাৰ পাছৰে পৰা গা যদি ভালে লাগি থাকে, তেন্তে চিকিৎসকে খাবলৈ দিয়া আটাইখিনি ঔষধ খায় শেষ কৰিব। নহলে পুনৰ ডাক্তৰক লগ ধৰিব।

৩/মানসিক আৰু শাৰীৰিক
এই দুইটা দিশতে মাছৰ অৰিহণা যথেষ্ট। মানসিক উৎকৰ্ষ সাধন আৰু হৃদপিণ্ড সবল কৰাত মাছৰ বহুখিনি ভূমিকা আছে। মাছৰ তেলত দুইধৰণৰ অমেগা৩ ফেটি এচিড থাকে। দুয়োবিধ অম্লই উপকাৰী। পিছে মনত ৰাখিব অত্যাধিক মাছৰ তেলে আমাৰ তেজবোৰ পাতল বা পনীয়া কৰিব পাৰে।

৪/চিকিৎসকে খাবলৈ দিয়া ঔষধ সমূহ
নিয়মীয়াকৈ সঠিক সময়ত খোৱা উচিত। আমি যেনেকৈ সদায়ে পুৱা সঠিক সময়ত শুৱা পাটি এৰি দাঁত ঘহোঁ, চাহ খাওঁ,দুপৰীয়া বা ৰাতি নিদিষ্ট সময়ত ভাত খাওঁ, ঠিক তেনেদৰে নিদিষ্ট সময়ত ঔষধো খোৱাটো অভ্যাস কৰিব লাগে।

৫/কৰ্কট ৰোগ নিৰ্ধাৰণৰ বাবে কৰা বায়পছিৰ ক্ষেত্রত সদায় অন্য এগৰাকী বিকৃতি বিজ্ঞানবিদ বা অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাতো অতিকে বাঞ্ছনীয়। কাৰণ বায়পছিৰ দ্বাৰাই কেনে ধৰণৰ চিকিৎসা বা যত্ন লোৱা হব, সেয়া নিৰ্ধাৰিত কৰা হয়। গতিকে বায়পছি আৰু ইয়াৰ বিশ্লেষণ সদায় নিৰ্ভুল হোৱা উচিত।

Add a Comment

Your email address will not be published. Required fields are marked *