ব্ৰাহ্মী শাকৰ বিষয়ে

১/চৰ্দি জ্বৰত ভোগা লোকৰ বাবে
ব্ৰাহ্মী শাক অতি উপকাৰী।

২/সৰু লৰা ছোৱালীৰ কাঁহ হৈ বুকুত বিষ হলে, ব্ৰাহ্মী শাকৰ ৰস অলপ গৰম কৰি, বুকুত মালিচ কৰিলে ভাল ফল পোৱা যায়।

৩) ব্ৰাহ্মী শাক ভাজি বা তৰকাৰী কৰি খালে, আয়ুষ, স্মৃতি শক্তি, মেধা শক্তি বৃদ্ধি হয়। আৰু শৰীৰ সবল হয়। ই এবিধ মানুহৰ সৰসৰ্বহিতকাৰক শাক।

৪) স্নায়ু দুৰ্বলতা আৰু
ধাতু দুৰ্বল আক্রান্ত ৰোগৰ লোকে ব্ৰাহ্মী শাক নিয়মিত ভাৱে ভাতৰ লগত খালে শক্তি লাভ কৰিব।

৫/বুকুত কফ জমা হলে,
ইয়াৰ কেচাঁ শিপা আৰু ঠাৰিৰ ৰসৰ লগত দুই তিনি টুপালমান, মৌ ৰস দি সেৱন কৰিলে উপকাৰ পোৱা যায়।

৬/কেতিয়াবা প্ৰস্বাৱ বন্ধ হলে
ব্ৰাহ্মী শাকৰ ৰস খায় দিলে, প্ৰস্বাৱ খোলোচা হৈ যায়।

৭/স্মৃতি শক্তি বৰ্ধনত
ই, এবিধ উত্তম মৌষধ। তদুপৰি মানসিক চিন্তা শক্তি আৰু শাৰীৰিক শক্তি বৃদ্ধি টো ই এবিধ অন্যাতম মৌষধ।

৮/মৌৰহ, আদিৰ সৈতে ইয়াৰ পাত, ঠাৰি আৰু শিপাৰ ৰসৰ সেৱনে সুস্বাস্থ্য অটুত ৰখাৰ উপৰি স্বাস্থ্য বৰ্ধক টনিক ৰূপে সুফল প্ৰদান কৰে।

৯/প্ৰস্বাৱ জ্বলা পোৰা আৰু বন্ধ হলে, ব্ৰাহ্মী শাকৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়। তদুপৰি প্ৰস্বাৱ বৃদ্ধি কাৰকত, ই উত্তম ঔষধ।

১০) বহুমূত্র ৰোগৰ উপশম আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্রণত ই পৰম উপকাৰী।

১১/ই, এবিধ তেজ বিশুদ্ধ কাৰক, আৰু তেজৰ অতিৰিক্ত শৰ্কৰা নাশ কৰে।

১২) কোষ্ঠকাঠিন্যত ভোগা মানুহে
ব্ৰাহ্মী শাকৰ ৰসৰ সৈতে, এচামুচ মৌ মিশ্রণ কৰি মাজে সময়ে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।