জীৱনৰ বাণী

১/জীৱনত কেতিয়াও নিজকে বেকাৰ বুলি নেভাবিবা। কাৰণ বন্ধ ঘড়ী এটাও দিনটোত দুবাৰ সময় দিয়ে।

২/যিজনে পৰচৰ্চা কৰে,
তেওঁ সেই ভেনা মাখিটোৰ দৰে। কিয়নো গোটেই সুন্দৰ শৰীৰৰ থাকোতে কেচাঁ ঘা ডোখৰতহে পৰে।

৩/টক পইচা থাকিলে তোমাৰ কাষত
হেজাৰজন বন্ধু থাকিব। কিন্তু দেখিবা টকা পইচা নহলে কিছুমান গভীৰ সম্পর্কও হেৰাই যায়।

৪/হাঁহিৰে চালে গোটেই সংসাৰখন ৰঙীন দেখিবা। কিন্তু চকুলো ভৰা নয়নেৰে চালে দাপোনখন ধোঁৱা ধোঁৱা দেখিবা।

৫/সহজতে, পোৱা কোনো এটা সম্পৰ্ক
বা বস্তু সদায় ক্ষন্তেকীয়া।
কিন্তু কষ্টৰ বিনিময়ত পোৱা, প্ৰতিটো সম্বলে সদায়ে চিৰস্হায়ী হয়।

৬/বেয়া দিনবোৰ সদায়ে শুভ হয়।
কাৰণ সেই সময়ত লগ পোৱা বন্ধুবোৰ সদায়ে কামত আহে।

৭/বেমাৰ যেতিয়া আহে, সদায়ে সেই শহা পহুটোৰ
দৰেই আহে আৰু যাওঁতেই একেই সেই কাছটোৰ দৰে। কিন্তু পইচা যেতিয়া আহে তাৰ বিপৰীত। আহে কাছটোৰ দৰে আৰু যায় শহাটোৰ দৰে।

৮/সৰু সৰু কথাৰ মাজত সদায়ে আনন্দ উপভোগ কৰিব লাগে। কিয়নো সদায় ডাঙৰ বা বেছি আনন্দ পোৱাটো সম্ভৱ নহয়।

৯/ভগৱানৰ পৰা কিবা এটা বিচাৰি নাপালে বুলি, কেতিয়াও তেওঁক কৰ্কথনা নকৰিব। তেওঁ হয়তো তোমাৰ ভাল লগাটো দিয়া নাই। কিন্তু তেওঁ তোমাৰ প্ৰয়োজনটোহে দিছে। অনুভৱ কৰিবচোন।