তিয়হঁৰ উপকাৰিতা

সাম্প্রতিক সময়ত মেদবহুলতা, উক্তৰাক্তচাপ, ডায়েবেটিচ আদি ৰোগ চিন্তাৰ কাৰক হৈ পৰিছে। এনে ৰোগৰ প্ৰধান কাৰণ হল, শৰীৰৰ কলেষ্টৰেলৰ পৰিমাণৰ বৃদ্ধি। তিয়হেঁ শৰীৰৰ কলেষ্টৰেল হ্ৰাস কৰি এনে ৰোগৰ পৰা মুক্ত কৰি ৰাখে। গৰমৰ সময়ত শৰীৰৰ পৰা যথেষ্ট পৰিমাণে ঘাঁম নিৰ্গত হয়।

সেয়ে গৰম কালি তিয়হঁ খালে শৰীৰত পানীৰ সন্তলন ঠিকে থাকে। ইয়াৰোপৰি ই তেজ শীতল কৰি শৰীৰ জুৰ পেলাই। গৰমৰ দিনত সেয়ে যথেষ্ট পৰিমাণে তিয়হঁ খাব লাগে। তিয়হেঁ হজম শক্তি বৃদ্ধি কৰে আৰু বিভিন্ন ৰোগৰ কাৰক হিচাপে চিহ্নিত কোষ্ঠকাঠিন্য আঁতৰ কৰে। পুষ্টি তথা চিকিৎসা বিষেশজ্ঞসকলে শেহতীয়া ভাৱে ইয়াৰ ৰোগ প্ৰতিৰোধী আৰু বীজাণু নাশক গুণ আছে বুলিও প্ৰমাণ কৰিছে। তিয়হঁত যথেষ্ট পৰিমাণৰ কেলছিয়াম আৰু ফচফৰাছ থকা বাবে ই মগজুৰ বাবেও উত্তম বুলি কোৱা হয়। ই বৃদ্ধা অৱস্থাত দেখা দিয়া আলঝাইমাৰ ৰোগ প্ৰতিৰোধতো সহায়তা কৰে। চৰ্ম ৰোগৰ ক্ষেত্রত তিয়হঁ মৌষধ হিচাপে চিহ্নিত।

ছালৰ উজ্জ্বলতা বৃদ্ধি কৰা, ছাল মসৃণ কৰা, ছালৰ বিভিন্ন প্ৰকাৰৰ দাগ নাইকিয়া কৰা, আদিৰো ক্ষেত্রত যথেষ্ট পৰিমাণে তিয়হঁ খাব লাগে। চকুৰ দৃষ্টি শক্তি বৃদ্ধিৰ ক্ষেত্রতো ই অন্যান্য ভূমিকা পালন কৰে। তিয়হেঁ বৃক্কৰ সজীৱতা বৃদ্ধি কৰা তথা বৃক্কৰ শক্তি বৃদ্ধি কৰা, প্ৰসাৱৰ বিভিন্ন দোষ নাইকিয়া কৰা আৰু সাম্প্রতিক আমাৰ সমাজত ব্যাপক ৰূপে লোৱা ডায়েবেটিচ ৰোগ প্ৰতিৰোধতো সহায়তা কৰে।