শাওণ মাহটো
প্ৰেমিক প্ৰেমিকাৰ বাবে, কিয় শুভ হয় আৰু
শাওণ মাহত বলে বম কিয় পালন কৰা হয়!

প্ৰেমিক প্ৰেমিকাৰ প্ৰতিক হিচাপে
দেৱাদিদেৱ ভোলানাথৰ পূজা অৰ্চনা সকলো শিৱ মন্দিৰতে মন পচন্দৰ জীৱন সংগী
পাবৰ বাবে কৰে। বিশেষ কৰি শাওণ মাহত প্ৰায় সংখ্যাক ভক্ত ৰূপত প্ৰেমিক প্ৰেমিকাক শিৱ মন্দিৰত দেখিবলৈ পোৱা যায়।

বছৰৰ ১২মাহৰ
ভিতৰত শাওণ মাহটো শিৱ বাবাৰ আটাইতকৈ প্ৰিয় মাহ। এই শাওণ মাহতে সমুদ্র মন্বন্তর কৰা হৈছিল। সমুদ্র মন্হন কৰোঁতে ওলোৱা কালকোট বিষ মহাদেৱে শাওণ মাহতে পান কৰাৰ পাছত মহাদেৱৰ দেহত এক সহিব নোঁৱাৰা উৎতাপৰ সৃষ্টি হৈছিল।

যাৰ ফলত ব্ৰহ্মা আৰু দেৱতাগণে মহাদেৱৰ দেহৰ তাপ কমাবলৈ মহাদেৱৰ দেহত জলাভিষেক কৰিছিল। তেতিয়াৰপৰাই শাওণ মাহত শিৱৰ দেহত জলাভিষেক কৰাৰ নিয়ম আৰম্ভ হয়, নীলকণ্ঠ শিৱ বাবাক জলাভিষেক কৰি সন্তোষ প্ৰদান কৰা এয়াই হৈছে, বল বমৰ উদ্যেশ্য।

শাস্ত্ৰ মতে
পালন কৰ্তা ভগৱান শ্রী বিষ্ণু চাৰিমাহ
কাল নিদ্ৰা মগ্ন অৱস্হাত থাকে। গতিকে উক্ত ৪মাহ জগত পালনৰ ভাৰ ভগৱান শিৱৰ ওপৰত থাকে। আৰু দেৱী সতীয়ে শাওণ মাহতে শিৱ বাবাক আৰাধনা কৰি তেওঁক স্বামী ৰূপে পাইছিল। আৰু আজিও সেইবাবে বহু প্ৰেমিক প্ৰেমিকাই শিৱ বাবাক আৰাধনা কৰি নিজৰ জীৱন সংগী পাব বিচাৰে। আৰু মহাদেৱক যদি শুদ্ধ অন্তৰে আৰাধনা কৰা হয়, তেতিয়া মহাদেৱে কাকো নিৰাশ নকৰে। আৰু শাওণ মাহতে শিৱ পাৰ্ৱতীৰ শুভ মিলন হৈছিল।


আৰু পুৰাণৰ মতে, শিৱ বাবাই শাওণ মাহতে দেৱী পাৰ্ৱতীক সৃষ্টি ৰহস্য আৰু অমৰ কথা শুনাইছিল। সেয়ে শাওণ মাহ শিৱ বাবাৰ অতিকে প্ৰিয় মাহ হোৱাৰ লগতে প্ৰেমিক প্ৰেমিকাৰ প্ৰিয় মাহ বুলি কোৱা হয়।